অসম পৰ্যটনৰ এক আঁচনি উন্মোচন

অসম পৰ্যটনৰ এক আঁচনি উন্মোচন

IMG-20161224-WA0032

পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন আৰু প্ৰসাৰ কৰা অৰ্থে তথা দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে “আসাম ট্ৰেভেল ট্ৰেইড কনক্লেভ ২০১৬ ত “ অসম চৰকাৰৰ “আমাৰ আলহী” শীৰ্ষক এক আঁচনি উন্মোচন কৰে । আজি হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। উক্ত অনুষ্ঠানত অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ, ভাৰতীয় পৰ্যটনৰ বিশিষ্ট প্ৰতিনিধি তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা উপস্থিত আছিল। সংবাদ মেলখনত মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই অসম ভূমিৰ পৰ্যটন তথা সৌন্দৰ্য আকৰ সমূহৰ ওপৰত আলোকপাত কৰে । অসম পৰ্যটনৰ নৱনিযুক্ত ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চোপ্ৰাই সংবাদ মেলত তেওঁক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে – মই অসমৰ প্ৰেমত পৰিছো। প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি অসমৰ পৰ্যটনৰ সম্পদৰ বিষয়ে কেৱল ভাৰতবৰ্ষই নহয় সমগ্ৰ বিশ্বৰ পৰ্যটকে জানিবলগীয়া বহু কথা আছে। অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে মই আজি অত্যন্ত সুখী আৰু গৌৰৱাম্বিত ।

collagepro_20161224202512941

আসাম ট্ৰেভেল ট্ৰেইড কনক্লেভ ২০১৬ ৰ এই অনুষ্ঠানটোত চৰকাৰী বিষয়ববীয়াৰ সৈতে উপস্থিত আছিল অসমৰ ভাৰপ্ৰাপ্ত সুখ্য সচিব টি ৱাই দাস, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব শ্ৰী আৰ চি জৈন, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক শ্ৰী অনুৰাগ সিং, অসম পৰ্যটন সঞ্চালক পলাশ বৰুৱা আৰু বহুকেইজন ব্যক্তি । স্মৰ্তব্য যে অসম চৰকাৰে পৰ্যটন ক্ষেত্ৰত উন্নয়নৰ অৰ্থে ৪৬০ কোটি টকা এইবাৰ বহন কৰিব । স্মৰ্তব্য যে প্ৰিয়ংকা চোপ্ৰাই ২ বছৰৰ বাবে ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্তি লাভ কৰিছে।

IMG-20161224-WA0031

Comments (0)
Add Comment