অসমৰ বিহুক আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্য্যায়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে চলাইছে বিশেষ প্ৰচাৰ কাৰ্য্য

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট কেন্দ্ৰীয় আৰু অসম চৰকাৰে অসমৰ লোক কৃষ্টি তথা বিহুক আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহুল প্ৰচাৰৰ অৰ্থে কেতবোৰ বিশেষ প্ৰয়োগ আৰম্ভ কৰিছে।ইতিমধ্যে অহা ১৪এপ্ৰিলত গ্ৰীনিজ বুকত নাম অন্তৰ্ভুক্তিৰ বাবে সমগ্ৰ ৰাজ্য জুৰি আৰম্ভ কৰিছে বিহুৰ প্ৰশিক্ষণ।উক্ত কাৰ্য্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাই নহয়।নতুন দিল্লীতো পোষ্টাৰ বেনাৰ, হোৰ্ডিং আদিৰ উপৰি মেট্ৰোৰেলতো আৰম্ভ কৰিছে অসমৰ বিহুৰ নৃত্য আদি লিখা- চিত্ৰ প্ৰচাৰ কাৰ্য্য।আমি দেখুৱাম আজি নতুন দিল্লীত কি দৰে মেট্ৰোৰেলতো চলাইছে প্ৰচাৰ কাৰ্য্য।
বাতৰি যুগুতালে বঙাইগাঁওৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Comments (0)
Add Comment