অসম চৰকাৰৰ পুন্যধাম যাত্ৰা আঁচনি

অসম চৰকাৰৰ পুন্যধাম যাত্ৰা আঁচনি

অসম চৰকাৰৰ উদ্যোগত অসম পৰ্যটন উন্নয়ন নিগমে পোনপ্ৰথম বাৰৰ বাবে ধৰ্মীয় পৰ্যটনৰ এক আঁচনি হাতত লৈছে। পুন্যধাম যাত্ৰা নামৰ এই আঁচনিৰ জৰিয়তে প্ৰথম পৰ্য্যায়ত ৩০০০ ধৰ্মপ্ৰাণ ব্যক্তি তীৰ্থ দৰ্শনৰ অৰ্থে ব্যৱস্থা কৰিছে। অহা অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা তীৰ্থযাত্ৰা আৰম্ভ হ’ব। এই মন্তব্য কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। আজি পৰ্যটন নিগমৰ কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এনেদৰে কয়।

IMG-20170907-WA0067

মথুৰা, পুৰী, বৃন্দাবন, আজমীৰ শ্বৰীফ, জগন্নাথ আদিলৈ ভক্তসকল যাব পৰা ব্যবস্থা কৰিছে। জনিব পৰা মতে অক্টোবৰ- নবেম্বৰ মাহত মথুৰা ডিচেম্বৰ- জানুৱাৰী মাহত পুৰী, ফেব্ৰুৱাৰী মাহত বৈষ্ঞু দেৱী দৰ্শনৰ বাবে নিয়াৰ কথা ব্যক্ত কৰে। ভক্তসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ অহা যোৱা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

IMG-20170907-WA0050

অসমত বিভিন্ন ঠাইৰ অজস্ৰ ভক্তপ্ৰাণ ৰাইজে এই যাত্ৰাৰ বাবে আবেদন কৰিছিল। সেইহেতু আজি লটাৰীৰ যোগে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৬৩০ গৰাকীক বাচনি কৰে। জানিব পৰা মতে যিসকল লোকৰ বাৰ্ষিক আয় ২.৫ লাখ তকৈ কম আৰু শাৰীৰিক ভাৱে সুস্থ তেনে ব্যক্তিসকলক প্ৰাধান্য দিয়া হৈছে। বাদ পৰি ৰোৱা সকলক ২য় পৰ্য্যায়ত সামৰি লোৱাৰ কথা সংবাদ মেল যোগে মন্তব্য কৰে।

Comments (0)
Add Comment