অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ সংগ্ৰহ পদ্ধতিটো স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ তৎপৰতাত ২০১৮ চনত সেই সময়ৰ অসম চৰকাৰৰ বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এমট্ৰনৰ জৰিয়তে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল “assamforestonline” নামৰ এটা পৰ্টেল। তেতিয়াৰ পৰাই পৰ্টেলটোৱে বন বিভাগৰ উপৰিও অসমৰ বিভিন্ন উপাদানৰ বাবে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে । এই সন্দৰ্ভত এমট্রণৰ অধ্যক্ষ ৰামেন্দ্ৰ নাৰায়ণ কলিতাই জানিবলৈ দিয়া মতে eGras পৰ্টেলৰ জৰিয়তে বন বিভাগত ৰাজহ বা ৰয়েল্টি সংগ্ৰহ কৰা হয়। যিটো পোনপটীয়াকৈ ৰাজ্যিক কোষাগাৰত জমা কৰা হয়। আন উপাদানসমূহ সমূহৰ MMDRR, DMFT, SMET সংগ্ৰহ কৰি নিজ নিজ একাউণ্টলৈ ৰাজহ হস্তান্তৰ কৰা হয় । জি এছ টি আৰু টি ডি এছ নিজ নিজ পৰ্টেলত সংগ্ৰহ কৰা হয়। অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰা অনুসৰি assamforestonline ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত বন বিভাগৰ ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে ডিজিটেলাইজ হৈছে। প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায়তে অধিক দৃশ্যমানতা আৰু জবাবদিহিতা বৃদ্ধি পাইছে । ডিজিটেল চাইনিং আৰু ৱেব লগ ইন প্ৰৱেশৰ জৰিয়তে ফাইল সুৰক্ষিত কৰা হৈছে। আৰু eGras জৰিয়তে পেমেণ্ট আৰু ৰাজহ অনুসৰণ নিৰৱচ্ছিন্ন কৰা হৈছে। উল্লেখ যে এমট্ৰনে প্ৰস্তুত কৰা অসম আবকাৰী অনলাইন পৰ্টেলটোৱে ২০১৯ চনত SKOCH বঁটা লাভ কৰিছিল। একেদৰে ২০২১ চনত assamforestonline পৰ্টেলটোক ২০২১ চনত সন্মানীয় SKOCH বঁটাৰে সন্মানিত কৰা হৈছিল।