অসম চৰকাৰৰ বৰ্ষপূৰ্তিত

অসম চৰকাৰৰ বৰ্ষপূৰ্তিত

IMG-20170524-WA0024

অসম চৰকাৰৰ বৰ্ষপূৰ্তিৰ উপলক্ষ্যে আজি Administrative Staff College ত এক সংবাদ মেল আয়োজন কৰে। উক্ত সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বছৰটোত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ সমূহ উল্লেখ কৰি কয় যে দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি থাকিব। দুৰ্নীতিৰ ক্ষেত্ৰত আপোচবিহীন। বিষয়াৰ বাদেও কোনো মন্ত্ৰী, শাসক, সাংসদ দুৰ্নীতিত লিপ্ত হ’লে ৰেহাই দিয়া নহ’ব। এতিয়াও বহু বিভাগ দুৰ্নীতি নিৰ্মূল কৰিবলৈ বাকী আছে। উল্লেখযোগ্য যে দুৰ্নীতি কিছু পৰিমাণে হ্ৰাস হোৱাৰ বাবে ৰাজহ সংগ্ৰহ ২১ শতাংশলৈ বৃদ্ধি পাইছে।

IMG-20170524-WA0026

চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত NRC খচৰা প্ৰকাশ কৰা হ’ব। আনহাতে শিক্ষা বিভাগত নিযুক্তি আৰু স্বাস্থ্য সেৱাত বিভিন্ন আচঁনি সংযোজনে খতিয়ান আগবঢ়ায়।

IMG-20170524-WA0025

আজিৰ সংবাদমেলত কৃষিমন্ত্ৰী অতুল বৰা, হাগ্ৰামা মহিলাৰীকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা দেখা যায়।

Comments (0)
Add Comment