অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত আয়োজন কৰা বিজ্ঞানসন্মত পশুপালন সম্পৰ্কীয় প্ৰশিক্ষণ কায্যসূচী আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰি অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী নীলিমা দেৱীয়ে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বাবে পশুপালনক সংগঠিত ৰূপত বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ অসমৰ যুৱক,যুৱতী সকলক আহ্বান জনায় ।ৰাজ্যখনৰ ঘৰুৱা উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰি মন্ত্রী গৰাকীয়ে কয় যে, পশুপালন হৈছে আত্মনিৰ্ভৰশীলতাৰ উৎকৃষ্ট পথ ।বিভাগে গ্ৰহণ কৰা আঁচনি সমূহৰ সুবিধা লৈ নিজৰ লগতে অসমখনকো স্বনিৰ্ভৰশীল কৰিব পৰা যাব ।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱক,যুৱতী আৰু পুৰুষ, মহিলাই অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণত উপস্থিত থাকি নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই ক্ষেত্রখনত পূৰ্বতকৈ বিশেষ ভাবে দুগ্ধ, কনী, কুকুৰা আৰু গাহৰি উৎপাদন যথেষ্ট বৃদ্ধি পোৱা বুলি উল্লখ কৰি উত্তৰ পৃৱৰ বজাৰ অসমে দখল কৰাৰ দিন সমাগত বুলি মন্তব্য কৰি পশুপালক সকলক জৈৱ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।অনুষ্ঠানত নিগমৰ পৰিচালন সঞ্চালক অনিল দেউৰী, মহাপ্ৰৱন্ধক ড৹ পূৰ্নানন্দ কোঁৱৰ আদি উপস্থিত থাকে ।