অসম পশ্চিমবংগ আৰু বিহাৰ কোঁচ ৰাজবংশী জনগণ ,বুদ্ধিজীৱী ,নেতা আদিলৈ কে এল অ ৰ অধ্যক্ষ জীৱন সিংহৰ একত্ৰিত হৈ সহায় সহযোগ আৰু পৰামৰ্শ দিয়াৰ আহ্বান

ম্যানমাৰৰ ঘন বনাঞ্চলৰ পৰা কে এল অৰ অধ্যক্ষ জীৱন সিংহৰ নেতৃত্বত এটা দলে নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত অচিৰেই এক শান্তি চুক্তি আলোচনা অনুষ্ঠিত হ’ব।অসম,পশ্চিমবংগ,বিহাৰ ৰাজ্যত কমতাপুৰ ৰাজ্যত বসবাস কৰি থকা সকলো কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনগণ,বুদ্ধিজীৱী, সমাজকর্মী,শিক্ষাবিদ আৰু দল সংগঠনৰ নেতা আদিক ঐক্যবদ্ধ হৈ আগবাঢ়ি অহাৰ লগতে পূৰ্ণ সহযোগ আৰু পৰামৰ্শ বিচাৰিছে উক্ত শান্তি আলোচনাৰ মূল মধ্যস্থতাকাৰী তথা কোঁচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ জৰিয়তে কে এল অৰ অধ্যক্ষ জীৱন সিংহই।

সাম্প্ৰতিক কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয় আৰু নিয়াৰ তত্বাৱধানত জীৱন সিংহৰ সৈতে মুঠ ৯জন সতীৰ্থ থকা দলটোৰ অধ্যক্ষ গৰাকীয়ে সাম্প্ৰতিক বহুধা বিভক্ত হৈ থকা সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু অতি শীঘ্ৰে একত্ৰিত হৈ শান্তি আলোচনা সফল কৰিবলৈ গণতান্ত্ৰিক ভাৱে আন্দোলন কৰি কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে জীৱন সিংহ কোঁচে বিগত ১৯৪৯ চনৰ ২৮আগষ্টৰ মাৰজাৰ চুক্তিৰ আধাৰত প্ৰস্তাৱিত কমতাপুৰ গঠনত অচল অটল হৈ আছে বুলি জানিবলৈ দিয়ে।এই সন্দৰ্ভত মধ্যস্থতাকাৰী বিশ্বজিৎ ৰায়ে এক সংবাদমেল অনুষ্ঠিত কৰে।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Comments (0)
Add Comment