অসম মহিলা বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্রীসকলৰ সৈতে অসমৰ মাননীয় ৰাজ্যপালৰ মত বিনিময় অনুষ্ঠান

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কালি অসম মহিলা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ শিক্ষক,কৰ্মচাৰী আৰু ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।অনুষ্ঠানৰ আৰম্ভনিতে উপাচাৰ্য অধ্যাপক অজন্তা বৰগোঁহাই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ কাম কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সামগ্ৰিক খতিয়ান দাঙি ধৰে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংযুক্ত হৈ কেনেদৰে কৰ্মসূচী আগবঢ়াই নিব সেই বিষয়ে পৰ্যালোচনা আগবঢ়ায়।ৰাজ্যপালেগৰাকীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে অসম মহিলা বিশ্ববিদ্যালয়ৰ দৰে বিশেষীকৰণ কৰা বিশ্ববিদ্যালয়সমূহে নতুন শিক্ষানীতিৰ অগ্ৰগতিৰ ক্ষেত্ৰতো যথেষ্ট কৰণীয় আছে।লগতে তেওঁ কয় যে আন বিশ্ববিদ্যালয়ত চলিত সাধাৰণ বিষয়সমূহৰ পৰিৱৰ্তে কিছুমান নতুন বিষয় সংযোগ কৰিলে ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ সাধনত সহায় হ’ব।ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ শেহতীয়া কামকাজক লৈ সন্তুষ্টি প্ৰকাশ কৰে আৰু ছাত্ৰীসকলৰো সুা-সুবিধাৰ খতিয়ান লয়।মত বিনিময় অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক মোহনলাল মীনা প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

Comments (0)
Add Comment