অহা ৪ জুলাইত কামৰূপ জিলাৰ পৰিসীমাৰ আকাশ মাৰ্গত সকলোধৰণৰ মানৱ বিহীন আকাশী যান/ড্ৰোণৰ উৰণত নিষেধাজ্ঞা আৰোপ

অহা ৪ জুলাইত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ ২৫ তম্ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ আগমনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কীৰ্তি জল্লীয়ে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত অহা ৪ জুলাইত কামৰূপ জিলাৰ পৰিসীমাৰ ভিতৰত থকা আকাশ মাৰ্গত ভাৰতীয় ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সকলো ধৰণৰ মানৱবিহীন আকাশী যান/ড্ৰোণ উৰণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকক এই নিষেধাজ্ঞা ভংগকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশনাটোত কোৱা হৈছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment