আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আকাশবাণী জনসম্পৰ্ক কাৰ্যসূচী

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত আজি জনসম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।বৃহত্তৰ মিৰ্জা অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ চেন্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ সহযোগত মহাবিদ্যালয়খনৰ অভিৱৰ্তন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই জনসম্পৰ্ক কাৰ্যসূচীত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৱজ্যোতি দাস,আকাশবাণীৰ প্ৰাক্তন বিষয়া তথা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক- সমালোচক নয়ন প্ৰসাদ আৰু উৎপল দত্তৰ উপস্থিতিত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সম্পাদক মানসপ্ৰতিম শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত নিজৰ বক্তব্য ৰাখি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৱজ্যোতি দাসে মহাবিদ্যালয়খনত এনে এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অনাতাঁৰ অনুষ্ঠানসমূহৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান জনায়।লগতে তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আকাশবাণীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। বিশিষ্ট অতিথিৰূপে উপস্থিত থকা আকাশবাণীৰ প্ৰাক্তন বিষয়া শ্ৰী নয়ন প্ৰসাদে নিজৰ ৩০ বছৰীয়া কৰ্মজীৱন কথা সোঁৱৰি ৰেডিঅত কিদৰে সময়ৰ উচিত ব্যৱহাৰ কৰা হয় সেইসম্পৰ্কে বক্তব্য আগবঢ়ায়। আকাশবাণীৰ আনগৰাকী প্ৰাক্তন বিষয়া শ্ৰী উৎপল দত্তই নিজৰ বক্তব্যত ৰেডিঅ’ৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসৰ কথা উল্লেখ কৰাৰ লগতে আধুনিকতাৰ ধামখুমীয়াত কিদৰে আজিও ৰেডিঅ’ত এক শক্তিশালী মাধ্যমৰূপে থিয় হৈ আছে সেই কথা প্ৰকাশ কৰে।উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক ৰেডিঅ’ৰ অনুষ্ঠানসমূহ উপভোগ কৰাৰ লগতে যুৱবাণী আদি অনুষ্ঠানৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি কেৰিয়াৰ সংক্ৰান্তীয় এটি আলোচনাচক্ৰৰো আয়োজন কৰা হয়। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱা, ৰাজ্যিক যুৱ আয়োগৰ সদস্যা ড৹ অংকিতা দত্তই এই অনুষ্ঠানৰ সমল ব্যক্তিৰূপে উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি পদ্মনাভ বৰুৱাই মহাবিদ্যলয়ত অধ্যয়নৰ সময়ছোৱাতেই নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় চিন্তা-চৰ্চা কৰাৰ দৰকাৰ বুলি উল্লেখ কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভিতৰত অন্তৰ্নিহিত প্ৰতিভাক চিনাক্ত কৰিবলৈ আহ্বান জনায়।
লগতে তেওঁ ব্যক্তিত্ব বিকাশত আত্মবিশ্বাসৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। মনৰ ভিতৰত থকা ভয় শংকাসমূহ কিদৰে একাধিক অনুশীলনেৰে আতৰ কৰিব পাৰি সেই কথাও তেওঁ উল্লেখ কৰে।আনগৰাকী সমল ব্যক্তি ড৹ অংকিতা দত্তই সাম্প্ৰতিক সময়ত পেছা হিচাবে সাংবাদিকতাৰ গুৰুত্ব আৰু এগৰাকী সাংবাদিকৰ দায়িত্ব ও কৰ্তব্য সংক্ৰান্তীয় বিভিন্ন বিষয়ত আলোকপাত কৰে। শিক্ষাৰ্থীসকলক গণসংযোগ আৰু সাংবাদিকতাৰ বিভিন্ন ক্ষেত্ৰসমূহ বিশেষকৈ জনসম্পৰ্ক, এডভাৰটাইজিং আদিত থকা কেৰিয়াৰৰ সা-সুবিধাসমূহৰ কথা জনায়।মন কৰিবলগীয়া যে অনুষ্ঠানটোৰ শেষৰ ভাগত আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা এখনি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয় য’ত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰৰূপে একোটাকৈ ৰেডিঅ’ৰ ছেট প্ৰদান কৰা হয়।

Comments (0)
Add Comment