আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ মহকুমাৰ সদৰ পাথৰখামাৰ পৰা সামান্য নিলগত মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উমচাও আৰু বাৰেগাওঁ নামৰ অঞ্চলটো। অঞ্চলটোৰ বাসিন্দা সকল ৰাভা জনগোষ্ঠীৰ লোক আৰু দুয়োখন গাঁৱৰ প্ৰায় ২৫০ টা পৰিয়ালে পৰিস্থিতিৰ তাগিদাত পৰি পৰৱৰ্তী সময়ত বেলেগ ৰাজ্যৰ বাসিন্দা হব লগা হলেও নিজৰ কৃষ্টি, সংস্কৃতি, স্বধৰ্ম ৰক্ষা কৰি খাছীকে ধৰি ওচৰ-পাজৰৰ আন জনগোষ্ঠী লোকসকলৰ সৈতে সুন্দৰকৈ বসবাস কৰি আহিছে। আনহাতে অঞ্চলটোৰ নৈসৰ্গিক সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে বাৰেগাঁৱৰ চিংক্লি কলনী চৌহদত থকা জসুবুৰা নামৰ প্ৰাকৃতিক লেকটোৱে। অৱশ্যে প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ নিলগত থকা ৰাভা জনগোষ্ঠীৰ বসতি প্ৰধান উমচাও আৰু বাৰেগাওঁ নামৰ গাঁও দুখনে বিশেষ প্ৰচাৰ লাভ কৰা নাই । উল্লেখ্য যে উমচাওত ১০০ ঘৰ আৰু বাৰেগাঁৱত ১৫০ ঘৰ বা ৰাভা জনগোষ্ঠীৰ পৰিয়ালে বাস কৰি আহিছে। তেনেদৰে চাৰিওফালে সৰু – বৰ পাহাৰে আগুৰি থকা গাঁও দুখনৰ প্ৰাকৃতিক সৌন্দৰ্যই এনেয়ে সকলোকে আকৰ্ষিত কৰে। তাৰ মাজে মাজে থকা খেতিপথাৰ সমূহে সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদান কৰিছে।গাঁও দুখনৰ মাজভাগত বাৰেগাঁৱত থকা জসুবুৰা নামৰ লেকটোৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে হাত বাউল দি মাতে। যিয়ে এবাৰ তালৈ গৈছে তেওঁহে অনুভৱ কৰিব পাৰে তাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ। গুৱাহাটীৰ পৰা খুব বেছি ডেৰ ঘণ্টাৰ ভিতৰত গৈ পাব পৰা লেকটো পৰিচালনা কৰি অহা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা ৰাভা জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি , ৰীতি – নীতিত আকৰ্ষিত হৈ নিজৰ ধৰ্ম ত্যাগ কৰি কিছু বছৰ পূৰ্বে হিন্দু ধৰ্ম গ্ৰহণ কৰা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী উৰাল ছিংকলিয়ে জানিবলৈ দিয়া মতে লেকটোৰ পানীভাগে প্ৰায় ৩ হেক্টৰ মাটিকালিৰে আবৰি আছে। লেকত আছে বহু বিৰল প্ৰজাতিৰ মাছ। পৰ্যটক বা দৰ্শনাৰ্থীৰ বাবে লেকত বিনামূলীয়াকৈ বটিং কৰাৰ সুবিধাৰ্থে দুখন বোট ৰখা হৈছে । সমান্তৰালভাবে লেকটোৰ চাৰিওকাষে খোজকাঢ়িবৰ বাবে আছে সুন্দৰ পকীপথ। বিভিন্ন প্ৰজাতিৰ উদ্ভিদ , অৰ্কিড আৰু ৰৌ, ভকুৱা, ৰূপচন্দা, ইলিছকে ধৰি থলুৱা বিভিন্ন প্ৰজাতিৰ মাছ , গছ – গছনিয়ে লেকৰ সৌন্দৰ্যক নতুন মাত্ৰা প্ৰদান কৰিছে। যিসকল লোকে এদিন নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিব বিচাৰে বা প্ৰকৃতিৰ ৰূপ , সুধা পান কৰিব বিচাৰে তেওঁলোকে লেকটোলৈ আহিলে সেই মনোবাঞ্ছা পূৰণ কৰিব পাৰিব। উল্লেখ্য যে লেকটোৰ পাৰ্কিঙত একেলগে বহু গাড়ী পাৰ্কিং কৰাৰ সুবিধা ৰখা হৈছে। তেনেদৰে থকা – খোৱাৰ সুবিধাৰ বাবে আছে ইউ এণ্ড মি নামৰ এখন ৰেষ্টোৰেণ্ট।লেকটোৰ চাৰিওফালে থকা অসম আৰ্হিৰ কেইবাটাও পকী ঘৰক হোম ষ্টেলৈ উন্নীত কৰা হৈছে। য’ত ২৮ জন লোক থাকিব পৰাৰ সুবিধা ৰখা হৈছে। ইতিবাচক বিষয়টো এয়ে যে তাৰ বেচিভাগ লোকেই সুন্দৰকৈ অসমীয়া ক’ব পাৰে। যাৰ বাবে অসমৰ পৰা তালৈ যোৱা লোকে তাত কোনো ধৰণৰ অসুবিধা নাপায় । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা উৰাল ছিংকলীকে ধৰি অঞ্চলটোৰ একাংশ বাসিন্দাই জানিবলৈ দিয়া মতে অসমৰ পৰা অলপ আঁতৰত থাকিলেও অসমৰ পৰা কোনোবা তেঁওলোকৰ তালৈ আহিলে বহুত ভাল পায়। আপোন মানুহ অহা যেন অনুভৱ কৰে। ইয়াৰ উপৰিও সেই চৌহদত এটা পিতনিত উৰাল ছিংকলীয়ে বিগত প্ৰায় পাঁচ বছৰ ধৰি পালন কৰা থাইলেণ্ডৰ মাগুৰ সমুহেও পৰ্যটক – দৰ্শনাৰ্থীক বাৰুকৈয়ে আকৰ্ষিত কৰি আহিছে। সমান্তৰালভাবে তাত থকা দুটা বৃহৎ ইমূ চৰায়েও সকলোকে আকৰ্ষিত কৰি আহিছে। এই সন্দৰ্ভত কোনোবাই কিবা জানিব বিচাৰিলে মবাইল নম্বৰ – ৯৩৬৬০৮১৩৩১ , ৮৮৩৭৩২৭৫৫৬ বা ৯৮৬৩১২৮১৭৯ ত যোগাযোগ কৰিব পাৰে । ইফালে দুয়োখন গাঁৱত সমূহীয়াভাবে গৰু বিহুৰ দিনাৰে পৰা আঠদিনীয়াকৈ ব’হাগ বিহু পালন কৰাৰ লগতে প্ৰতি বছৰে ৮ বহাগৰ দিনা পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন কৰি অহা হৈছে। বাৰেগাঁৱত আছে কলীয়া গোঁসাই ঠাকুৰ গোঁসাইঘৰ তথা নামঘৰত নিয়মীয়াভাৱে নাম – প্ৰসংগ কৰি অহা হৈছে।

Comments (0)
Add Comment