আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা আজাৰা সাহিত্য সভাৰ ২৩০ সংখ্যক সাহিত্য বৈঠকখন ব’হাগী বৈঠক নামেৰে আজাৰাৰ বন্তিৰাণী বৰা ডেকাৰ বাসভৱনত কালি অনুষ্ঠিত হয়। এই উপলক্ষে সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত প্ৰয়াত সাহিত্যিক ড০ প্ৰণৱজ্যোতি ডেকা, ভৱপ্ৰসাদ চলিহা, বিশ্বেশ্বৰ হাজৰিকা,প্ৰশাসনীয় বিষয়া কামিনী জখৰীয়া, সাংবাদিক ৰজত বৈশ্যৰ বিয়োগত এক মিনিট সময় মৌনতা অৱলম্বন কৰে।সভাৰ সম্পাদক গণেশ দাসে উদ্দেশ্যে ব্যাখ্যা, প্ৰতিবেদন পাঠৰ পিছতে “আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা” উদ্ধোধন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মাই কয়- শাখা সাহিত্য সভাসমূহে লেখক-লেখিকা সৃষ্টিৰ মূল চাবিকাঠি । অসম সাহিত্য সভাই সাহিত্যৰ এটি মসৃণ পৰিৱেশ দিয়ে । গভীৰ অধ্যয়ন আৰু অনুশীলন কৰিলে ভাল সাহিত্যিক হ’ব পাৰি । পঠিত সাহিত্যৰ ওপৰত শ্ৰুতি মধুৰ পৰ্যালোচনা দাঙি ধৰে লেখিকা বুলু কুমাৰী বড়াই ।
সভাত কণমানি ঈষাণি দাসে বিহু নৃত্য পৰিবেশন কৰা অনুষ্ঠানত ধীৰেশ্বৰ দাস, বন্তি শইকীয়া, মায়া বসুমতাৰী, অমিয় কুমাৰ চৌধাৰী, সত্যেন্দ্ৰ নাথ দাস, অনুপ কুমাৰ দাস, ৰিংকু আহমেদ, ড০ কান্তা কাবেৰী দাস, হীৰকজ্যোতি মালী, মীৰা মহন্ত, ভাৰতী দাস, আইমণি দাস, প্ৰণতি দাস ডেকা, দীপিকা মালাকৰ, দীপেন কুমাৰ কাকতি, গীতামণি ডেকা দাস, প্ৰণীতা দাস, ড০ ধৃতিনয়না দাস বৰা, ললিতা দাস, প্ৰীতি কলিতা, ভাস্কৰ গোস্বামী, ভূমিকা গোস্বামী, হৰমোহন দেৱ শৰ্মা প্ৰভৃতিয়ে কবিতা, গল্প, প্ৰবন্ধ, গীত-মাত পৰিৱেশন কৰে।

Comments (0)
Add Comment