অসমীয়া আৰু অসম প্ৰীতি চিন্তাই প্ৰতিজন অসমীয়াকে আৱৰি ৰাখে। এই ক’ভিডকালীন পৰিৱেশৰ মাজতো অসমৰ ভৱিষ্যতৰ পৰিৱেশক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ বিজ্ঞ মহল।
প্ৰসংগ এটাই অসম আৰু অসমীয়াৰ ভৱিষ্যত কি হ’ব! আপাতঃ দৃষ্টি যদি লক্ষ্য কৰা যায় অসমৰ প্ৰধান সমস্যা বোৰৰ ভিতৰত বানপানী, ভূমিকম্প আৰু প্ৰব্ৰজনৰ সমস্যা অন্যতম। ইয়াৰ দুটাক যদিও প্ৰাকৃতিক দুৰ্যোগৰ শাৰীত অৰ্ন্তভুক্ত কৰিব পাৰি, কিন্তু প্ৰব্ৰজনৰ সমস্যাই অসম আৰু অসমীয়াৰ পক্ষে ভাবুকি কঢ়িয়াই আনিছে। যাৰ ফলস্বৰুপে অসমীয়াই বহু সময়ত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
সম্প্ৰতি বংগ জ্বলিছে, বংগৰ ৰাজনীতিয়ে তচনচ কৰিছে বংগৰ বহু জনসাধাৰণক। একাংশ তৃণমূল কৰ্মীয়ে বংগৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ উপৰিও ঘৰ জ্বলাইছে। যাৰ বাবে প্ৰাণৰ সংশয়ত পৰি একাংশ বংগৰ লোকে অসমত আশ্ৰয় লৈছে।
এই সম্পৰ্কে আমি কথা পাতিছিলো ৰাজ্যৰ কেইগৰাকীমান বিজ্ঞ ব্যক্তিৰ সতে। তেখেতসকলৰ ভিতৰত বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াই এনেদৰে মন্তব্য কৰে- অসমলৈ বিভিন্ন সময়ত প্ৰব্ৰজিত লোক আহি আছে। এয়া অসমৰ স্থায়ী সমস্যা। পূৰ্বেও অসমলৈ এনেদৰে মানুহ আহিছিল। কিন্তু এই সকলোবোৰৰ প্ৰসংগৰ মাজত ৰাজনীতি বোলা শব্দটো উচ্চাৰিত হ’লেও মই কিন্তু ধৰ্মীয় মেৰুকৰণৰ সংকেট পাও। আজি অসমীয়াই উপলব্ধি নকৰিলেও আজিৰ পৰা ২৫ বছৰৰ পাছত এই কথা উপলব্ধি কৰিব, যেতিয়া অসমত ভাষিক সমস্যাৰ উদ্ভৱ হ’ব।
এই ক্ষেত্ৰত সমালোচক, নিবন্ধকাৰ ময়ুৰ বৰাই কয় যে- ই অতিকে স্পৰ্শকাতৰ বিষয়। ক’ভিডকালীন সময়ৰ বাবেও কিম্বা প্ৰব্ৰজিত নাগৰিক স্থায়ীভাৱে বাসিন্দা হোৱাটো চিন্তনীয় প্ৰসংগ। ভাৰতীয় সংবিধানে যিকোনো ঠাইত বসতি কৰাৰ অধিকাৰ দিলেও ৰাজ্য বিশেষে কিছু নিয়ম থকাটো বাঞ্চনীয়।
আনহাতে, বিশিষ্ট লেখিকা, সাংবাদিক মাইনী মহন্তই এই বিষয়ত কয় যে- মানৱতাৰ খাতিৰত বংগৰ প্ৰব্ৰজিত নাগৰিকক আশ্ৰয় প্ৰদান কৰাত আপত্তি নাই। প্ৰব্ৰজিত নাগৰিকক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰা ক্ষেত্ৰতো বংগ চৰকাৰে গুৰুত্ব দিয়া উচিত। এটা জাতিৰ পৰিচয় ভাষা, ধৰ্ম নহয়। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত ধৰ্মীয় বিভাজনহে পৰিলক্ষিত হয়। সেয়া যিয়েই নহওঁক কিয় প্ৰব্ৰজিত নাগৰিকক যাতে অসমৰ বাবে বোজা হ’ব নোৱাৰে, তাৰ প্ৰতিও ব্যৱস্থা কৰাটো বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ব।
এয়া আছিল কেইগৰাকীমান বিজ্ঞ ব্যক্তিৰ মন্তব্য। আমি বিচাৰো এখন সুন্দৰ ৰাজ্য, য’ত অসমীয়াৰ অস্তিত্বক লৈ কোনো দিন কাৰোৰেই সন্দেহ নাথাকিব।