গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণীৰ ৰাজাপানীচান্দা ৰঙালী বিহু সন্মিলনীৰ সোণালী জয়ন্তী বৰ্ষ আজি পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। নৱউদয় পুথিভঁড়াল আৰু ৰাজাপানীচান্দা স্প’ৰ্টছ ক্লাৱৰ সৌজন্যত অনুষ্ঠিত হোৱা সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী আজি পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতাৰে আৰম্ভ হয়। পুৱা দহ বজাত নিমন্ত্ৰিত শিল্পী আৰু স্থানীয় ৰাইজৰ সহযোগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উদযাপন সমিতিৰ সভাপতিক বাকৰিলৈ আদৰি অনা হয়। এই অনুষ্ঠানৰ শেষত নৱউদয় পুথিভড়ালৰ পতাকা উত্তোলন কৰে উপদেষ্টা ধৰণীধৰ বড়োই। লগতে এই কাৰ্যসূচীতে বয়োজ্যেষ্ঠ, ৰাইজৰ গাঁওবুঢ়া, সন্মানীয় অতিথিসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পাছত ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে বিহু সন্মিলনীৰ সভাপতি ৰবীন দৈমাৰীয়ে। শ্বহীদ তৰ্পন কৰি বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুভাষ ৰাভাই কয়– শ্বহীদ শব্দটো আৱেগিক আৰু পবিত্ৰ শব্দ। যিসকলে জাতি–মাটি–দেশ আৰু দহৰ বাবে নিজকে আত্মবলিদান দিছিল, সেইসকল নমস্য ব্যক্তিলৈ মোৰ শতবাৰ প্ৰণাম। আজি ৫০টা বছৰে এই অনুষ্ঠানটোক যিসকল লোকে গঢ় দিছিল, সেই ব্যক্তি সকললৈও মোৰ প্ৰণাম যাঁচিছো। বহাগ বিহু আৰু কৃষিজীৱি মানুহৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক জড়িত হৈ আছে। গতিকে বহাগৰ ৰংবোৰ শেষ হোৱাৰ পাছত কৃষিজীৱি ৰাইজ নিজৰ নিজৰ পথাৰত নামি পৰে যেন। ড০ ভূপেন হাজৰিকা আৰু হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক মৃণাল কান্তি মেধি আৰু শিক্ষক খগেন চন্দ্ৰ মেধিয়ে। শ্ৰদ্ধাঞ্জলী নিবেদন কৰি শিল্পীগৰাকীয়ে কয়– আজি জুবিন বিহীন প্ৰথমটো বহাগ চলি আছে। জুবিন থাকোতে বহাগৰ অনুষ্ঠানবোৰ যেনেদৰে জীপাল হৈ আছিল, আজি কিন্তু সেই পৰিৱেশ নাই। জুবিনে কৈছিল– কামবিলাক সদায় চলি থাকিব লাগে। কৃষ্টি–সংস্কৃতিত অসম পৃথিৱীৰ ভিতৰতেই এক চহকী ৰাজ্য। কৃষ্টি–সংস্কৃতিত আমি অসমীয়াসকল অতিকৈ চহকী জাতি হ’লেও কৰ্ম–সংস্কৃতিত কিন্তু আমি চহকী জাতি হ’ব পৰা নাই। নিজক স্বাৱলম্বী কৰি তুলিব নোৱাৰিলে আমি সদায় বহিৰাগতৰ ওচৰত ধৰুৱা হৈয়েই থাকিব লাগিব। গতিকে আমি কৰ্ম–সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবই লাগিব। অনুষ্ঠানত গছপুলি ৰোপণ কৰে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ৰ’জি বৰ্মনে। বিষয়াগৰাকীৰ এই কাৰ্যত সহযোগ কৰে বন পালক ভগৱান কলিতাই। খেল–ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ গোবিন্দ বড়োই। বিহু, বড়ো, কাৰ্বি আৰু চাহ জনগোষ্ঠীৰ বাৰেৰহনীয়া নৃত্য–গীতে সোণালী জয়ন্তী বৰ্ষৰ বাকৰি জীপাল কৰি তোলে।