আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব

আজি অনুষ্ঠিত লোকসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটদান পৰ্ব।যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ আৰু লখিমপুৰকে আদি কৰি ৫ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হয়। সেই অনুসৰি ডিব্ৰুগড়ত ৭০ শতাংশ, যোৰহাটত ৭৬শতাংশ, কাজিৰঙা ৬৯শতাংশ, শোণিতপুৰত ৬৯.৮শতাংশ আৰু লখিমপুৰত ৬৮ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰে।

আনহাতে দেশৰ ১০২ টা সমষ্টিৰ লগতে ২১খন ৰাজ্য, কেন্দ্রীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা নিৰ্বাচনত ১৬২৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হয়।

Comments (0)
Add Comment