আজি পুৱাৰে পৰা আৰম্ভ হৈছে নগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে । নাগালেণ্ডৰ মুঠ ৫৯ সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে । এইবাৰৰ নিৰ্বাচনত নাগালেণ্ডত মুঠ ১৩,১৭,৬৩২ গৰাকী ভোটাৰ আছে । ইয়াৰে ৬,৬১,৪৮৯ জন পুৰুষ আৰু ৬,৫৬,১৪৩ জন মহিলা। মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা ১৮২ জন প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব। এই ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

দেওবাৰে মুখ্য নিৰ্বাচনী বিষয়া নাগালেণ্ড ভি শশাংক শেখৰে কয় যে নিৰ্বাচনী কৰ্তব্যৰ বাবে ১১,৫৭৫ জন ভোটগ্ৰহণকাৰীক প্ৰেৰণ কৰা হৈছে । ৫৯খন বিধানসভাৰ সমষ্টিৰ বাবে ২২৯১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ স্থাপন কৰা হৈছে। ৱাখা জিলাৰ ভাণ্ডাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বনিম্ন ৭১ টাত ভোটাৰ আছে। আনহাতে ৩৮৭ টা সকলো মহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে।

Comments (0)
Add Comment