নৱগঠিত জালুকবাৰী সমষ্টিৰ পৰা কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।সমষ্টি পনৰ গঠনৰ পিছত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ এটা অংশ জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে । মনোনয়ন পত্ৰ দাখিলৰ আগমূহুৰ্তত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই আজি স্বামীৰ মংগল কামনাৰে আজাৰা থানা এলেকাৰ দুটাকৈ ঐতিহ্যমণ্ডিত মন্দিৰত পূজা অৰ্চনা আগবঢ়াই । ৰিণিকি ভূঞা শৰ্মাই ভট্টাপাৰাস্হিত ৰাণী চাপৰি মা মনসা মন্দিৰ আৰু গড়লস্হিত দৌল গোবিন্দ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই স্বামীৰ মংগল কামনা কৰে । ইয়াৰ পিছত ৰিণিকি ভূঞা শৰ্মাই গড়ল পঞ্চায়ত অধীনৰ দুটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । আনহাতে জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণাৰ পিছতে সমষ্টিত সৃষ্টি হৈছে আবতৰীয়া দীপাৱলী। আপোন মানুহজনক সমষ্টিত পাই আত্মহাৰা হৈ পৰিছে জনসাধাৰণ।আনন্দত আত্মহাৰা ৰাইজে স্বতস্ফুৰ্ত ভাবে ওলাই আহি নাচ গান কৰি আনন্দ কৰে । আনহাতে বিজেপিৰ সমৰ্থক সকলে গাড়ীত মাইক লগাই ,আকৌ এবাৰ বিজেপি চৰকাৰ , হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ , নৰেন্দ্ৰ মোডী জিন্দাবাদ’ ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে ।