গুৱাহাটীৰ ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পৰ চৌহদত অহা ২৯ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ ৬৯ সংখ্যক সদৌ অসম আন্তঃ জিলা মুকলি বেডমিণ্টন প্ৰতিযোগিতা ২০২১ – ২২ অনুষ্ঠিত হব। আনহাতে প্ৰতিযোগিতাৰ বাবে ভাগ লবলগীয়া গুৱাহাটী ক্ৰীড়া সংস্থাৰ পুৰুষ-মহিলাৰ ১৮ জনীয়া দলটো ঘোষণা কৰা হৈছে। গুৱাহাটী ক্ৰীড়া সংস্থাৰ অবৈতনিক বেডমিণ্টন সম্পাদক দীপক পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে পুৰুষৰ ৯ জনীয়া দলটোৰ বাবে নিৰ্বাচিত হোৱা খেলুৱৈ সকল হল ক্ৰমে-অৰিজিত চলিহা, ঋতুপৰ্ণা বৰা, দ্বীপজ্যোতি দত্ত, জিমন কছাৰী, সৌৰভ দাস, ষ্টাৰলি সিং, এন য়ুহেনবা সিং, এলভিৰ আমান আৰু ভিমান মহন্ত (সংৰক্ষিত খেলুৱৈ)। তেনেদৰে মহিলা দলটোৰ নিৰ্বাচিত খেলুৱৈ সকল হল ক্ৰমে-চিমৰাণ কলিতা, নৱপ্ৰীত অসীম, ৰিকচিতা চলিহা, পাকিজা উল্লাহ, দিশা শৰ্মা, সৃষ্টি মেঘা সোণোৱাল, তানজিম আহমেদ, কৃশিকা কাশ্যপ আৰু মাহিকা শ্বাহ (সংৰক্ষিত খেলুৱৈ)। আনহাতে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰূপ কুমাৰ বুঢ়াগোহাঁই, সহকাৰী প্ৰশিক্ষক হিচাপে চন্দন প্ৰতিম ভৰালী (পুৰুষ) আৰু গীতাঞ্জলি শইকীয়া (মহিলা), প্ৰশাসক হিচাপে গুৱাহাটী ক্ৰীড়া সংস্থাৰ সহকাৰী বেডমিণ্টন সম্পাদক অনল কান্তি সিনহাক দায়িত্ব অৰ্পণ কৰা হৈছে। ইতিমধ্যে খেলুৱৈসহ দায়িত্ববাহী সকলোৰে নামৰ তালিকা প্ৰতিযোগিতাৰ সাংগঠনিক সম্পাদকলৈ নিয়মানুসাৰে প্ৰেৰণ কৰা হৈছে বুলি গুৱাহাটী ক্ৰীড়া সংস্থাৰ বেডমিণ্টন সম্পাদক দীপক পাটোৱাৰীয়ে জানিবলৈ দিছে।