আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন

আজি আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰে। সেই সমূহৰ ভিতৰত চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা অন্যতম। জানিব পৰা মতে এই প্ৰতিযোগিতা সমূহত প্ৰায় ২০০ জন বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এক আছুতীয়া সাক্ষাৎকাৰত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বাসুদেৱ মণ্ডলে জনায় যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে বিজ্ঞান মানসিকতা গঢ় দিয়াৰ বাবে সময়ে সময়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।

তাৰ ভিতৰত বিজ্ঞানৰ ফিল্ম প্ৰদশৰ্নী, Exhibits Hunt Contest অন্যতম। এই দিৱসৰ লগত সংগতি ৰাখি সমাজত সংগ্ৰহালয়ৰ ভূমিকা শীৰ্ষক বিষয় সন্দৰ্ভত বক্তব্য ৰখা হয়। উল্লেখযোগ্য যে Exhibits Hunt Contest ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞানৰ বিভিন্ন আহিলা সমূহ পৰিচয় কৰা সহায়ক হয়। জানিব পৰা মতে সমূহ প্ৰতিযোগিতাত প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।





 

Comments (0)
Add Comment