আমিনগাঁও সংকট মৌচন সেৱাশ্ৰমত ৰক্ত দান শিবিৰ

আমিনগাঁও সংকট মৌচন সেৱাশ্ৰমত ৰক্ত দান শিবিৰ

কামৰূপ জিলা সদৰ আমিনগাঁও মহাবাহু বৰলুইতৰ পাৰত অৱস্থিত সংকট মৌচন সেৱাশ্ৰমত বহাগ বিহুৰ লগত সংগতি ৰাখি ৰক্ত দান শিবিৰ অনুষ্ঠিত হৈ যায় । সংকট মৌচন সেৱাশ্ৰমৰ উদ্যোগত আৰু আশ্ৰম প্ৰধান দীপক পণ্ডিতৰ নেতৃত্বত আৰু আমিনগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত ৰক্ত দান শিবিৰত ২০ গৰাকীৰো অধিক লোকে ৰক্ত দান কৰে । ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ পূৰ্বেই দীপক পণ্ডিতৰ মঙ্গল ধ্বনি আৰু মন্ত্ৰোচ্চাৰনেৰে ভগৱানৰ শ্ৰীচৰনত পুষ্পাঞ্জলি অৰ্পন কৰি উপস্থিত সকলোৱে আশীষ লয় আৰম্ভ কৰে কাৰ্য্যসূচীৰ । চন্দনজ্যোতি দাস (ৰিংকু) আৰু নিতোপম মেধিয়ে আতধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ কৰ্মী শঙ্কৰ কুমাৰ দাসে আৰু ফিটা কাটি ৰক্তদান শিবিৰ মুকলি কৰে বিশিষ্ট সমাজ কৰ্মী কেশৱ কলিতাই । ইফালে সংকট মৌচন সেৱাশ্ৰম প্ৰধান দীপক পণ্ডিতে সভাপতিত্ব কৰা সভাত ভাষন প্ৰদান কৰি আই আই টি গুৱাহাটীৰ ড৹ সুৰজীত চৌধুৰীয়ে কয় যে মানৱ ধৰ্মৰ সমান ভক্তি এই পৃথিবীত একোৱেই নাই । সংকট মৌচন সেৱাশ্ৰমৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে উপস্থিত সকলোৱে । ৰক্তদান শিবিৰ অনুষ্ঠানত উপস্থিত থাকে দীপ, ডিম্বেশ্বৰ দাস, পাপু, বিনয় শৰ্মা, বাবু, শৰৎ নাথ, ব্ৰজেন দাসৰ উপৰিও ভালে সংখ্যক বিশিষ্ট ব্যক্তি । উল্লেখ্য যে প্ৰতি দেওঁবাৰে আশ্ৰমখনিত ছাত্ৰ-ছাত্ৰী সকলক বৌদ্ধিক আৰু মানসিক দিশৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি চিত্ৰাঙ্কনকে ধৰি বিভিন্ন ধৰনৰ শিক্ষা মূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ বাবে যো-জা কৰা হৈছে সেয়েহে সমূহ ৰাইজৰ সু-পৰামৰ্শ আৰু সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে আশ্ৰম কতৃপক্ষই ।

Comments (0)
Add Comment