আয়ুস্মান ভৱ অভিযানৰ অধীনত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

আয়ুস্মান ভৱ অভিযানৰ অধীনত কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য সেৱা আৰু জিলা স্বাস্থ্য সমিতিৰ যুতীয়া সঞ্চালকৰ উদ্যোগত আৰু জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আজি এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৰাতিপুৱাৰে পৰা দিনজোৰাকৈ অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰটোত বিভিন্ন যান-বাহনৰ মালিক, চালক,কাৰ্যালয়টোৰ কৰ্মচাৰীৰ লগতে যানবাহনৰ কামত কাৰ্যালয়টোলৈ অহা এশৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰি বিশেষজ্ঞ চিকিৎসকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰাৰ উপৰি ঔষধ সংগ্ৰহ কৰে । স্বাস্থ্য পৰীক্ষা শিবিৰটোত উপস্থিত হৈ বিশেষজ্ঞ চিকিৎসক,নাৰ্ছৰ উপৰি চিকিৎসা গ্ৰহণৰ বাবে সমবেত লোকৰ লগত মত বিনিময় কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে সকলোৰে সুস্বাস্থ্য কামনা কৰে।

Comments (0)
Add Comment