আলি আয়ে:লৃগাং অসমবাসীৰ বাবে আবেগ আৰু গৌৰৱৰ উৎসৱ-সাংস্কৃতিক মন্ত্রী

আলি আয়ে:লৃগাং অসমবাসীৰ বাবে আবেগ আৰু গৌৰৱৰ উৎসৱ-সাংস্কৃতিক মন্ত্রী

বৰ্ণাঢ্য সংস্কৃতিৰে মহীয়ান মিচিং সমাজখনে কৰ্ম সংস্কৃতিৰ লগত সম্পৃক্ত কৰি আয়োজন কৰা এই উৎসৱ,অসমবাসীৰ বাবে আৱেগ আৰু গৌৰৱৰ উৎসৱ।মহানগৰীৰ পাঞ্জাবাৰীৰ শিল্প গ্ৰামত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ গুৱাহাটী মিচিং কৌবাঙৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি আয়োজিত আলি-আ:য়ে লৃগাং অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়।

মিচিং জনগোষ্ঠীৰ বৰ্ণিল সমাজখনৰ কথা ভাষণত উল্লেখ কৰি সাংস্কৃতিক মন্ত্ৰী বড়াই কয় যে-‘যিফালেই চাও সকলো ফালৰ পৰাই মিচিং সকল ইমানেই সমৃদ্ধ যে তেওঁ লোকৰ বিষয়ে জানিবলৈ ৰাজ্যৰ অন্যান্য জনগোষ্ঠী সমূহেও আগ্ৰহ প্ৰকাশ কৰা উচিত।

কৃষিভিত্তিক উৎসৱ আলি-আ:য়ে লৃগাঙৰ তাৎপৰ্য বাখ্যা কৰি সমন্বয়ৰ বাৰ্তা বিলোৱা মাটিৰ গোন্ধ থকা এনে উৎসৱে আমাৰ মহান বৃহত্তৰ অসমীয়া সমাজ খনক বৈভৱপূৰ্ণ কৰিছে বুলিও বড়াই মন্তব্য কৰে।ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু সন্মানীয় অতিথি হিচাপে, সাংসদ দিলীপ শইকীয়া, বিধায়ক বিশ্বজিৎ ফুকন আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ জোহান দলে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ দিলীপ শইকীয়ায়ো বিপুল সাংস্কৃতিক সম্ভাৰেৰে পৰিপূৰ্ণ মিচিং জনজীৱনৰ সাংস্কৃতিৰ পৰম্পৰাৰ বিষয়ে নিজ নিজ ভাষণত কয়।
উল্লেখ্য যে এই অনুষ্ঠানৰ মুকলি সভাৰ পূৰ্বে অতিথি সকলক মিচিং পৰম্পৰাৰে সভা স্হলীলৈ উদ্যোক্তা সকলে আদৰি আনে।অনুষ্ঠানত মিচিং গাভৰু সকলে গুমৰাগ নৃত্য পৰিৱেশনৰ লগতে গুঞ্জৰিত ঐনিতমৰ সুৰে সামগ্রিক ভাৱে পৰিৱেশটিকে নান্দনিক কৰি তোলে।

Comments (0)
Add Comment