আৰম্ভ হ’ল ৩০সংখ্যক আছাম একুৱেটিক চেম্পিয়নশ্বিপ

গুৱাহাটীৰ সৰুসজাইত সাতোঁৰবিদৰ সমাগমেৰে উখল-মাখল পৰিবেশ।অসম সাঁতোৰ সন্থাৰ উদ্যোগত আৰম্ভ হল ৩০ সংখ্যক আন্তঃ জিলা আছাম একুৱেটিক চেম্পিয়নশ্বিপ।অসম সাঁতোৰ সন্থাৰ উদ্যোগত আজিৰেপৰা পৰা ৯ জুলাইলৈকে তিনিদিনীয়াকৈ ৩০ সংখ্যক আছাম একুৱেটিক চেম্পিয়নশ্বিপৰ আয়োজন।
সদৌ অসম ভিত্তি আয়োজিত আন্তঃজিলা প্ৰতিযোগিতাখনি গুৱাহাটী সৰুসজাইস্থিত ড০ জাকিৰ হুছেইন একুৱেটিক কম্প্লেক্সত আৰম্ভ হৈছে।সৰ্বভাৰতীয় সাঁতোৰ সন্থাৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে বন্তি প্ৰজ্বলন কৰা প্ৰতিযোগিতাত অসমৰ আটাইবোৰ জিলাৰ পাঁচ শতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰিছে। অসম সাঁতোৰ সন্থাৰ পতাকা উত্তোলন কৰে অসম সাতোঁৰ সন্থাৰ সভাপতি ৰঞ্জিত বৰগোহাঁয়ে।প্ৰতিযোগিতাখনি চাব জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ শাখাত আয়োজন কৰা হৈছে।১৪৪টা ইভেণ্টত ৫২০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত। ইয়াৰ লগতে ডাইভিং আৰু ৱাটাৰ প’ল প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment