নদুৱাৰ শিক্ষা খণ্ডৰ অধীনৰ খেৰবাৰী মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় সমুহৰ পৰিচালনা সমিতিৰ সদস্য- সদস্যা সকলৰ এক বিশিষ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয় ৷ খেৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসুচীৰে এই অনা আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ খেৰবাৰী সমল কেন্দ্ৰ অধীনৰ ৮খনকৈ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু সদস্য সদস্যা সকলে এই প্ৰশিক্ষণত অংশ গ্ৰহন কৰে ৷ মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰশিক্ষনৰ কাৰ্য্য পৰিচালনা কৰে আৰ পি ৰোহিত অলি আৰু নাৰায়ন শৰ্মাই ৷ এই প্ৰশিক্ষনৰ জৰিয়তে এখন বিদ্যালয়ৰ শৈক্ষিক মান উন্নত কৰা ,অঞ্চলটোত সুস্থ পৰিবেশ সৃষ্টি কৰা ,শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱকৰ মাজত সমন্বয় সৃষ্টি কৰা আদি মূলত বিষয় সমুহকলৈ অনুষ্ঠিত কৰা বুলি মন্তৱ্য কৰে ৰোহিত অলিয়ে ।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই
ইন্দিৰা গান্ধী মধ্য ইংৰাজী বিদ্যালয়ত তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত অনা আৱাসিক প্ৰশিক্ষণ
