উজনি মাজুলীৰ নামনি চেৰপাইত গণশক্তি অসম কেন্দ্ৰীয় সমিতিৰ দলীয় প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

সন্মিলিত গণশক্তি অসম, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে নামনি চেৰপাই ৰাজহুৱা প্ৰেক্ষাগৃহত সম অধিকাৰ, সম মৰ্যাদা আৰু সম উন্নয়নৰ উদ্দেশ্যে দলীয় প্ৰশিক্ষণ কৰ্মশালাৰ এখনি সভা অনুষ্ঠিত কৰা হয়৷সন্মিলিত গণশক্তি, অসম মাজুলী জিলা সমিতিৰ সভাপতি ৰঞ্জিত দলেয়ে সঞ্চালনা কৰা সভাৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা প্ৰশিক্ষণ কৰ্মশালা উদ্বোধন কৰে সন্মিলিত নাৰীশক্তি, অসমৰ সভানেত্ৰী ভৱানী দুৱৰাই৷ দ্বিতীয় কাৰ্যসূচীমতে পুৱা ৯ বজাত নীতিনিষ্ঠ নেতৃত্বত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সন্মিলিত গণশক্তি, অসমৰ সভাপতি পৰমানন্দ চায়েঙীয়াই৷ পুৱা দহ বজাত জীৱন জীৱিকাৰ অভিযানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি জীৱিকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে অ,এছ ডি, মিচিং স্বায়ত্ত্বশাসিত,গোগামুখৰ ডা° অনিল কুমাৰ পেগুৱে৷ চতুৰ্থ কাৰ্যসূচীমতে দিনৰ ১১ বজাত সন্মিলিত গণশক্তি, অসমৰ সভাপতি সুনীল কুমাৰ পেগুৱে সমল ব্যক্তি হিচাপে উপস্থিত থাকি গণশক্তি কৰ্মসূচীৰ সম্পৰ্কে আলোকপাত কৰে৷ বাৰ বাজি বিশ মিনিটত কৃষি খণ্ডত চৰকাৰী আঁচনিৰ আৰ্থিক ৰেহাই ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে, মাজুলী জিলা কৃষি বিষয়া ইৰছাদ আলীয়ে৷ দিনৰ ১:৩০ বজাত পশুধন আঁচনিৰ চৰকাৰী সুবিধা আৰু আৰ্থিক ৰেহাইৰ সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে ৰতনপুৰ গায়ন ৰাজ্যিক পশুচিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত পশু চিকিৎসক ডা° প্ৰণৱ কোঁচ ডাঙৰীয়াই৷ দিনৰ ২:৩০ বজাত শ্ৰমিক অধিকাৰ আৰু আইনী সুৰক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে লখিমপুৰ জিলাৰ শ্ৰম পৰিদৰ্শক প্ৰণৱ টায়ুঙে৷ উল্লেখ্য যে উক্ত দলীয় প্ৰশিক্ষণ কৰ্মশালাত শতাধিক ৰাইজৰ উপস্থিতিৰ লগতে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ নীলকান্ত দলে, সাংবাদিক প্ৰাঞ্জল গাৰে আদি উপস্থিত থাকে৷
বাতৰি যুগুতালে মাজুলীৰ পৰা প্ৰাঞ্জল প্ৰণয় গাৰে।

Comments (0)
Add Comment