উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰাপত্তাৰ বুজ ললে আৰ পি এফৰ সঞ্চালক প্ৰধান মনোজ যাদৱে

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰাপত্তাৰ বুজ ললে আৰ পি এফৰ সঞ্চালক প্ৰধান মনোজ যাদৱে


ভাৰতীয় ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফৰ সঞ্চালক প্রধান মনোজ যাদবে ২১ এপ্ৰিলত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয় পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থা, চলি থকা আন্তঃগাঁথনি উন্নীতকৰণ আৰু আৰ পি এফৰ কাৰ্যপদ্ধতি আদিৰ পর্যালোচনা কৰে। তেওঁ মালিগাঁৱৰ ৰং ভৱনত অনুষ্ঠিত এক বৈঠকত ভাগ লৈ চোৰাংচোৱা ৰোধ, প্ৰযুক্তিৰ ব্যৱহাৰ, অভিযান আধুনিকীকৰণ আৰু সংস্থাসমূহৰ মাজত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে পৰিদৰ্শন কালত তেওঁ আৰ পি এফৰ বাবে ১০খন চাৰিচকীয়া আৰু ২৭খন দুচকীয়া বাহন মুকলি কৰে । সঞ্চালক প্রধান গবাকীয়ে বাহিনীটোৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰি পৰিচালনাৰ দিশসমূহ নিবিড়ভাবে পর্যালোচনা কৰে। তেওঁ আৰ পি এফৰ জোৱান সকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ নিষ্ঠা, পৰিশ্ৰম আৰু ‘সুৰক্ষা সেৱাত আগবঢ়োৱা অৱদানৰ শলাগ লয়। ৰেল নেটৱৰ্কত সুৰক্ষা বজাই ৰাখিবলৈ তেওঁ দৃঢ় মনোবল, নিষ্ঠা আৰু দৃশ্যমান সেউজ শক্তিৰ ওপৰত জোৰ দিয়ে। তেওঁ যাত্ৰীৰ সুৰক্ষা, ৰাষ্ট্ৰীয় স্বার্থ আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে সদায় সতর্ক আৰু প্ৰস্তুত থাকিবলৈ বাহিনীটোৰ বিষয়া – জোৱান সকলক নির্দেশ দিয়ে। বৈঠকৰ পূৰ্বে সঞ্চালক প্ৰধান গৰাকীয়ে বাহিনীটোৰ বিষয়া – জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰে।

Comments (0)
Add Comment