উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ সাংস্কৃতিক মন্ত্ৰা‌লয়, ভাৰত চৰকাৰ সংবাদমেল সম্বোধন

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় ডিমাপুৰৰ উদ্যোগত কালিৰে পৰা আৰম্ভ হ’ব সাংস্কৃতিক কাৰ্যসূচী। ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এন ই জেড চি চি কাৰ্যসূচীসমূহ বন্ধ হৈ আছিল যদিও পুনৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে। এই সম্পকে এন ই জেড চি চি গুৱাহাটীৰ সঞ্চালক ড° প্ৰসন্ন গগৈয়ে কয় যে গুৱাহাটী শিল্পগ্ৰাম চৌহদত ভাৰ্চুৱেল কমিউনিটি কালছাৰেল প্ৰগামৰ চিৰিজ আৰম্ভ হ’ব। ইয়াৰ উপৰিও শিল্পীসকলক সকাহ যোগাবলৈ তথা স্বাৱলম্বী কৰিবলৈ বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ২০২২-২৩ বৰ্ষত এন ই জেড চি চি য়ে ৩১৫০ গৰাকী শিল্পীক সামৰণি লৈছে। আজিৰ অনুষ্ঠানৰ গুৱাহাটীৰ কাৰ্য্যালয়ত সঞ্চালক ডা: প্ৰসন্ন গগৈ , ডি.ভাচুম, যুটীয়া সঞ্চালক, ভি.ফেচাও, অনুষ্ঠান উপ-সঞ্চালক, জেদ.
লুচাও, প্ৰশাসনিক উপ-সঞ্চালক, অসীম দেৱনাথ, গাণনিক বিষয়াৰ উপস্থিত থাকে । সংবাদ মেলৰ আঁত ধৰে প্ৰচাৰ মাধ্যম সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে। উপস্থিত গুৱাহাটীস্থ সাংবাদিক সকলক সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে ফুলাম গামোচা, পৰম্পৰাগত শিল্প আৰু উপহাৰৰ টোপোলাৰে উষ্ম সম্বৰ্ধনা জনায়।

Comments (0)
Add Comment