উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত থকা আই চি এফ এ আই বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ যৌথ উদ্যোগত ২৭ – ৩১ জানুৱাৰীত পাঁচদিনীয়াকৈ অনুষ্ঠিত উত্তৰ পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীৰ দলটোৱে ব্যতিক্ৰমী প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শন কৰি তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে l উল্লেখযোগ্য যে এই যুৱ মহোৎসৱত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ মুঠ ২২খন বিশ্ববিদ্যালয়ৰ ৮০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছিল। ২৪ জন সদস্যৰে গঠিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দলটোৰ নেতৃত্বত আছিল ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন ড০ মৈত্ৰী শৰ্মা আৰু দলৰ পৰিচালক অঞ্জন ডেকা। বিজয়ীসকলৰ ভিতৰত চাৰ্লিন মহলিয়াই পশ্চিমীয়া গীত (একক)ত স্বৰ্ণ পদক লাভ কৰে।পশ্চিমীয়া দলীয় গীতৰ শাখাত আৰ্জু মাহচিন আলী, অয়ন চিলা ওজা, চাৰ্লিন মহলিয়া, ল্যান্সি এম মাৰাক, শিৱ মল, সুৰজিত দাস, চফিকুল হুছেইন আৰু নিশান্ত হৃদয় ডেকাৰে গঠিত দলটোৱে শীৰ্ষ পুৰস্কাৰ লাভ কৰে। মিমিক্ৰিত অয়ন চিলা ওজাই স্বৰ্ণ পদক লাভ কৰাৰ উপৰিও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (তেজপুৰ)ৰ ভবজিৎ সন্দিকৈয়ে ক্লাছিকেল ইনষ্ট্ৰুমেণ্টেল (পাৰ্কাচন) শাখাত পঞ্চম স্থান লাভ কৰে। স্বৰ্ণ পদক লাভ কৰা বিজয়ী প্ৰতিযোগী সকলে আগন্তুক ৩ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ উত্তৰ প্ৰদেশৰ এমিটি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত নিজ নিজ শাখাত উত্তৰ-পূব মণ্ডলক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিছে।

Comments (0)
Add Comment