উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা

মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশ চৰকাৰে ২০২৫ মহাকুম্ভক ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐক্যৰ বিশ্বব্যাপী প্ৰতীক ৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। এই প্ৰচেষ্টা আৰু দৃষ্টিভঙ্গীৰ অংশ স্বৰূপে কৃষি শিক্ষা আৰু গৱেষণা দপ্তৰৰ মন্ত্রী সূৰ্য্য প্ৰতাপ শ্বাহীয়ে দিছপুৰত এক বিশাল ৰোড শ্ব’ত নেতৃত্ব দিয়ে। শ্বাহীয়ে মহাকুম্ভক ভাৰতবৰ্ষৰ বৈচিত্র্যৰ মাজত ঐক্যতাৰ এক অনন্য নিদর্শন হিচাপে আলোকপাত কৰে আৰু ২০২৫- প্ৰয়াগৰাজ মহাকুম্ভত অংশগ্রহণৰ বাবে অসমবাসীক আমন্ত্রণ জনায়। কৃষি দপ্তৰৰ মন্ত্রী গৰাকীয়ে সজোৰে কয় যে চৰকাৰে এই অনুষ্ঠানভাগ ঐতিহাসিক ভাৱে কৰাটো নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে, য’ত আন্তৰাষ্ট্ৰীয় অংশগ্রহণৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক সা সুবিধাবোৰ উপলব্ধ। ৰোড শ্ব’ৰ পাছত সংবাদ মাধ্যমৰ সৈতে কথোপকথনত শ্বাহীয়ে কয়, মহাকুম্ভ ভাৰতবৰ্ষৰ সাংস্কৃতিক আৰু আধ্যাত্মিক চেতনাক মূৰ্ত প্ৰকাশ। এয়া “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত,সমাবেশ ভাৰত”।
সংবাদমেল সম্বোধন কৰি কৃষি দপ্তৰৰ মন্ত্রী গৰাকীয়ে কয় যে, আপোনালোকৰ মাজৰে হয়তো বহু সংখ্যকেই ২০১৯ চনৰ প্ৰয়াগৰাজ মহাকুম্ভৰ ” ঐশ্বৰিক আৰু সুবিশাল ” অভিজ্ঞতাৰ প্ৰত্যক্ষদৰ্শী আছিল, যি অনুষ্ঠানে সমগ্র বিশ্বত ভাৰতবৰ্ষৰ সাংস্কৃতিক গৌৰৱৰ এক অমলিন প্ৰতীক ৰূপ পৰিগ্ৰহ কৰিছিল। বিশ্ববাসীয়ে সেইবেলিও সুদক্ষ ব্যবস্থাপনাক ব্যাপকতাৰে স্বীকাৰ কৰিছে”। শ্বাহীয়ে বিষয়টোত গুৰুত্ব আৰোপ কৰি কয় যে, চলিত বৰ্ষত মহাকুম্ভৰ মহিমা আৰু ঐশ্বৰিক ঐকান্তিকতাই বিগত সময়ৰ অভিলেখ অতিক্রম কৰিব।২০২৫-প্ৰয়াগৰাজ মহাকুম্ভত ৪৫০ নিযুতাধিক তীৰ্থযাত্ৰী, সাধু, সন্ন্যাসী আৰু পৰ্যটকক আদৰণি জনোৱাৰ সম্ভাবনা আছে। ইয়াৰে প্ৰস্তুতিৰ অংশ হিচাপে উত্তৰ প্ৰদেশ চৰকাৰে সৰ্ব প্ৰকাৰৰ সতৰ্কতা আৰু সময়োচিত ব্যবস্থা গ্রহণ কৰিছে।
সংবাদমেলৰ ভাষণত মন্ত্রী গৰাকীয়ে কয় যে,সন্মানিত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নেতৃত্বত গঙ্গা, যমুনা আৰু সৰস্বতী ত্ৰিবেণী সঙ্গমত ২০২৫ চনৰ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্রুৱাৰীৰ লৈ মহাকুম্ভ অনুষ্ঠিত হ’ব। ইউনেস্কোৰ দ্বাৰা মানৱতাৰ এক অমূৰ্ত সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃত মহাকুম্ভ ১২ টা বছৰৰ ব্যবধানত পুনৰ এবাৰ প্ৰয়াগত অনুষ্ঠিত হ’ব।
স্বচ্ছ, সুস্হ,সুৰক্ষিত আৰু হৰিৎ মহাকুম্ভ
মহাকুম্ভৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমক কয়, এই অনুষ্ঠান এক পৰিষ্কাৰ- পৰিচ্ছন্ন,স্বাস্থ্যকৰ, সুৰক্ষিত আৰু ডিজিটেল মহাকুম্ভ হ’ব। এই অনুষ্ঠানক একক ব্যবহাৰযোগ্য প্লাষ্টিক মুক্ত মহাকুম্ভ ঘোষণা কৰি পৰিবেশ অনুকূল কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এই পদক্ষেপৰ অংশ হিচাপে মেলা অঞ্চলত ডোনা-পট্টলৰ বিক্রেতাসকলৰ বাবে দোকানঘৰ আৱন্টন কৰা হ’ব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটো আলোচনাৰ্থে ৪০০ সংখ্যক বিদ্যালয়ৰ অধ্যক্ষসৱৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হৈছে, সমান্তৰালভাৱে পৰিচ্ছন্নপূৰ্ণ মহাকুম্ভৰ উদ্যোগৰ বিষয়টো ৪ লক্ষ শিশু তথা প্ৰয়াগৰাজৰ পাঁচগুণ লোককো জনোৱা হৈছে। তদুপৰি “হৰ ঘৰ দস্তক” অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালক একক ব্যবহাৰযোগ্য প্লাষ্টিক মুক্ত পৰিবেশ গঢ়ি তুলিবলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে।
মন্ত্রী গৰাকীয়ে কয় যে,২০২৫ চনৰ মহাকুম্ভ মেলা পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সেউজ কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। এই উপলক্ষে প্ৰয়াগৰাজত তিনি লক্ষ গছ-গছনি ৰোপন কৰা হৈছে, মেলাৰ সমাপ্তিৰ পৰৱৰ্তী সময়তো উত্তৰ প্ৰদেশ চৰকাৰে এই উদ্ভিদসমূহৰ তত্ত্বাৱধান সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি ৰাখিছে।তীৰ্থযাত্ৰী, সন্ত, সাধু আৰু পৰ্যটকৰ বাবে ব্যাপক স্বাস্থ্যসেৱা উপলব্ধ হ’ব।
কৃষি মন্ত্রী গৰাকীয়ে জনায় যে,স্বাস্থ্যকৰ তথা পৰিচ্ছন্নতাৰ দিশটোত গুৰুত্ব আৰোপ কৰি মহাকুম্ভ মেলাৰ প্ৰস্তুতি কৰা হৈছে। তাৰে ভিতৰত আছে তীৰ্থযাত্ৰী, সন্ত, সাধুসকলক কল্পৱাস সুকলমে পালন কৰা আৰু পৰ্যটকৰ বাবে স্বাস্থ্যসেৱাৰ সুবন্দবস্ত কৰা। সেয়ে বহু সংখ্যক বিশেষজ্ঞ চিকিৎসকক মোতায়েন কৰা হৈছে। পেৰেড গ্ৰাউণ্ডত ১০০ খন বিচনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰা হৈছে। ২০ খন বিচনাযুক্ত এখন চিকিৎসালয়, ৮ খন বিচনাযুক্ত সৰু চিকিৎসালয় স্থাপন কৰা হৈছে। মেলা এলেকা তথা আৰেইলত সেনা চিকিৎসাৰ জৰিয়তে দুটাকৈ ১০ খন বিচনাযুক্ত আই চি ইউ স্থাপন কৰা হৈছে। এই চিকিৎসালয়ত দিনটোৰ চৌবিশ ঘন্টাই কৰ্তব্যৰত চিকিৎসক থাকিব। সৰ্বমুঠ ২৯১ গৰাকীএম বি বি এচ চিকিৎসক আৰু বিশেষজ্ঞ, ৯০ গৰাকী আয়ুর্বেদিক আৰু ইউনানী বিশেষজ্ঞ তথা ১৮২ গৰাকী নাৰ্চিঙ কৰ্মচাৰী থাকিব। তাৰোপৰি পুৰুষ, মহিলা আৰু শিশুৰ বাবে পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে। প্ৰসৱ কোঠা, জৰুৰীকালীন ৱাৰ্ডৰ লগতে চিকিৎসকৰ কোঠাও সংলগ্ন থাকিব।

ভক্তসকলেও ডিজিটেল মহাকুম্ভ ৰ অভিজ্ঞতা লাভ কৰিব বুলি কৃষি মন্ত্রী গৰাকীয়ে কয়।উক্ত সংবাদমেলতে কৃষি মন্ত্রী গৰাকীয়ে জনায় যে, উত্তৰ প্ৰদেশ চৰকাৰে এই ঐশ্বৰিক, সুবিশাল আৰু ডিজিটেল মহাকুম্ভ মেলা আয়োজনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অনুষ্ঠানৰ প্ৰস্তুতিপৰ্বৰ ভিতৰত আছে এক সমৰ্পিত ৱেবচাইট আৰু এপ মুকলিকৰণ। ১১ টা ভাষাত এ আই চালিত চেটবট,মানুহ তথা বাহনৰ বাবে কিউআৰ(QR)- আধাৰিত পাছৰ ব্যবস্থা, এটা বহুভাষীক ডিজিটেল পোৱা আৰু হেৰোৱাৰ সন্ধান কেন্দ্র, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে আই চি টি নিৰীক্ষণ আৰু টেন্ট, ভূমি তথা সুব্যবস্থা আৱন্টনৰ বাবে ছফ্টৱেৰ, বহুভাষীক ডিজিটেল ছাইনেজ (ভি এম ডি), এটা স্বয়ংক্রিয় ৰেচন যোগান প্ৰণালী, ড্ৰোণ আধাৰিত নিৰীক্ষণ আৰু দুৰ্যোগ ব্যবস্থাপনা, ৫৩০টা কৈ ছফ্টৱেৰ নিৰীক্ষণ প্ৰকল্প আৰু এক ইনভেন্টৰী ট্ৰেকিঙ প্ৰণালী সহিতে গুগ’ল মেপেৰে সকলো স্হানৰে একত্রিকৰণ।কৃষি মন্ত্রী গৰাকীয়ে জনায় যে পৰ্যটকৰ সুবিধাৰ্থে স্মার্ট পাৰ্কিঙৰ সুবিধা প্ৰদান কৰা হ’ব।
কৃষি মন্ত্রী শ্বাহীয়ে কয় যে, পৰ্যটকসকলে যাতে পাৰ্কিঙৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত ১০১ টা স্মার্ট পাৰ্কিঙৰ বন্দবস্ত কৰা হৈছে। তাতে দৈনিক পাঁচ লক্ষ বাহন ৰাখিবলৈ সক্ষম হ’ব। মুঠ পাৰ্কিঙ এলেকাটো ১,৮৬৭.০৪ হেক্টৰ বিস্তাৰিত। যিটো ২০১৯ চনত পাৰ্কিঙ আৱন্টিত ১,১০৩.২৯ হেক্টৰৰ তুলনাত ৭৬৩.৭৫ হেক্টৰ অধিক বিশাল। এই পাৰ্কিঙৰ সুবিধাবোৰ ইন্টিগ্রেটেড কন্ট্রোল ক’মাণ্ড চেন্টাৰৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব।পৰিষ্কাৰ খোৱাপানী,এটা সুসংহত নিয়ন্ত্রণ ক’মাণ্ড চেন্টাৰ আৰু নদীৰ সঙ্গমস্থলীকে ধৰি ৪৪ টাকৈ স্থানত পুষ্পবৃষ্টিৰ ব্যবস্থাও কৰা হৈছে।
কৃষি মন্ত্রী গৰাকীয়ে লগতে কয় যে,ভক্তসকলৰ স্নানৰ সুবিধাৰ্থে মহাকুম্ভ মেলাৰ চহৰখনত ৩৫ টাকৈ স্থায়ী স্নানঘাট বিদ্যমান যদিও নতুনকৈ নটা ঘাট নিৰ্মাণ কৰা হৈছে। ১২-কিলোমিটাৰ জোৰা এলাকাত থকা ৪৪ টাকৈ স্থানত পুষ্পবৃষ্টিৰ ব্যবস্থাও কৰা হ’ব। তেওঁ মন্তব্য কৰে, মুম্বাইৰ মেৰাইন ড্ৰাইভৰ পিছত আৰ্হি তৈয়াৰ কৰা এখন নদীৰ সমুখ ভাগত গঙ্গাৰ পাৰত ১৫.২৫- কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত বিকশিত কৰা হৈছে, তাৰে ভিতৰত আছে সঙ্গমৰ পৰা নাগবাসুকী মন্দিৰ, সুৰদাসৰ পৰা সাতনাগলৈকে আৰু কাৰ্জন দলঙৰ ওচৰৰ পৰা মহাবীৰপুৰীলৈকে। ইয়াৰোপৰি ভীৰ নিয়ন্ত্রণৰ সুবিধা বৃদ্ধি কৰিবলৈ ইন্টিগ্রেটেড কন্ট্রোল ক’মাণ্ড চেন্টাৰ উন্নীত কৰা হৈছে। চি চি টি ভি নিৰীক্ষণৰ বাবে ৫২ খন আসন সংলগ্ন ছেটআপেৰে সজ্জিত চাৰিটা দৰ্শন কেন্দ্র স্থাপন কৰা হৈছে।
মহাকুম্ভ মেলাত উপস্থিত হোৱা তীৰ্থযাত্ৰীসকলৰ চিনাক্তকৰণ আৰু গণনাত উন্নত প্ৰযুক্তিৰ ব্যবহাৰ কৰা হ’ব।
কৃষি মন্ত্রী গৰাকীয়ে আৰু কয়, ২০২৫ চনৰ মহাকুম্ভ মেলাত প্ৰায় ৪৫০ নিযুত ভক্ত উপস্থিত থাকিব বুলি আশা কৰা হৈছে,এয়া হ’ব এক মাইলৰ খুঁটি সদৃশ অভিলেখ। প্ৰতিগৰাকী লোককে চিনাক্তকৰণৰ ক্ষেত্রত তিনিটাকৈ বিশেষ কাৰিকৰী পদ্ধতি ব্যবহাৰ কৰা হ’ব।
প্রথম পদ্ধতিটো হৈছে গুণাগুণ আধাৰিত সন্ধান,য’ত ব্যক্তি এট্ৰিবিউট চাৰ্চ কেমেৰা ব্যবহাৰ কৰি ট্ৰেকিঙ কৰা হ’ব। দিত্বীয় পদ্ধতিত আৰ এফ আই ডি ৰিষ্টবেণ্ড অন্তর্ভুক্ত থাকিব,এই ৰিষ্টবেণ্ড তীৰ্থযাত্ৰীসকলক দিয়া হ’ব, আৰু আৰ এফ আই ডিৰ সহায়ত প্ৰবেশ আৰু প্ৰস্থানৰ সময় অনুসৰণ কৰা হ’ব।তৃতীয় পদ্ধতিটো হৈছে মোবাইল এপ ট্ৰেকিঙ,য’ত তীৰ্থযাত্ৰীসকলৰ সন্মতিত মোবাইল এপ্লিকেচন ব্যবহাৰ কৰি জি পি এচৰ সহায়ত তেওঁলোকৰ অৱস্থান ট্ৰেকিঙ কৰা হ’ব।
মহাকুম্ভ মেলা হৈছে ভাৰতবৰ্ষৰ বৈচিত্র্যৰ মাজত ঐক্যৰ এটা চিৰন্তন আৰু একত্রিত ঘোষণা।
ৰাজ্যিক মন্ত্রী ম্য়াংকেশ্বৰ শৰণ সিঙে কয় যে, কুম্ভ মাথোন পবিত্র পানীত ৰীতি নীতি অনুযায়ী স্নান কৰাই নহয়, বৰঙ বৈচিত্র্যৰ মাজত ভাৰতবৰ্ষৰ ঐক্যতাৰ চিৰন্তন আৰু একত্রিত ঘোষণাহে। মহাকুম্ভ মেলা এক সুবিশাল উৎসব, যিয়ে নদীৰ পবিত্র প্ৰবাহত সকলো ভেদাভেদ, বিবাদ আৰু বিভাজন নিমজ্জিত কৰে। এই উৎসব সামাজিক সম্প্রীতিৰ অনন্য আৰ্হি হিচাপে অগ্ৰগণ্য। কুম্ভমেলাই কেবল ভাৰতবৰ্ষৰ সম্পূর্ণতাকে নহয়, বিশ্বব্যাপী ভাৰতীয় সস্কৃতিৰ অনুগামীসকলৰ বাবেও বিশেষ গুৰুত্ব বহন কৰে।ৰাজ্যিক মন্ত্রী গৰাকীয়ে দৃঢতাৰে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে বিশ্বৰ দৰবাৰত মহাকুম্ভ মেলাৰ বিৰল তথা বিশিষ্ট ধৰ্মীয় অনুষ্ঠানৰ সাংস্কৃতিক, আধ্যাত্মিক, পৰম্পৰাগত আৰু পৌৰাণিক সাৰমৰ্ম অনন্য ৰূপত প্ৰদৰ্শন কৰিছে। ৰাজ্য চৰকাৰে সমগ্র ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সকলোকে সনাতনী ভাৰতীয় সকলৰ বিশাল উৎসব ২০২৫-মহাকুম্ভত অংশগ্রহণৰ বাবে আমন্ত্রণ জনাইছে। এই পবিত্র তীৰ্থযাত্ৰাত অংশগ্রহণৰ বাবে এক নম্ৰ অনুৰোধ জনাবলৈ আমি আপোনাসবৰ মাজলৈ আহিছো।

Comments (0)
Add Comment