এইচডিএফচি বেংকে ক্ষুদ্ৰ ব্যৱসায়বোৰৰ বাবে ভাৰতৰ প্ৰথমটো ইনষ্টেণ্ট ডিজিটেল ষ্ট’ৰফ্ৰণ্ট কিউ আৰ, ‘মাই বিজনেছ কিউ আৰ’ মুকলি

এইচডিএফচি বেংকে গ্ল’বেল ফিনটেক ফেষ্ট (GFF )২০২৫ত মাই বিজনেছ কিউআৰ (QR) মুকলি কৰাৰ কথা ঘোষণা কৰে। মাই বিজনেছ কিউআৰ হৈছে ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে ভাৰতৰ প্ৰথমটো কমাৰ্চ আইডেন্টিটি কিউআৰ। এইটো ভ্যপাৰীফাই (Vyaparify) ৰ সৈতে অংশীদাৰত্বত আৰম্ভ কৰা হৈছে, যি বেংকৰ জনপ্ৰিয় স্মার্টহাব ভ্যপাৰ (SmartHub Vyapar) ব্যৱসায়ী এপৰ এটা প্ৰসাৰ। দেশজুৰি ২০ লাখতকৈও অধিক ব্যৱসায়ীয়ে এই এপ ব্যৱহাৰ কৰে।
এইচডিএফচি বেংকৰ এই সেৱাটোৱে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় (SMEs) সমূহক স্থানীয় ডিজিটেল বজাৰত বেছি অংশ গ্ৰহণ কৰিবলৈ সহায় কৰিব, তেওলোকে বৃহৎ পুঁজিৰ লগত বা জটিল উপকৰণ আৰু প্ৰযুক্তিগত দক্ষতা নাথাকিলেও। মাই বিজনেছ কিউআৰনামৰ এই সেৱাটোৱে ভাৰতৰ দুটা জনপ্ৰিয় অভ্যাস — কিউআৰপেমেন্ট আৰু চেট — একত্ৰিত কৰি এটা সহজ আৰু সুবিধাজনক অনলাইন ক্ৰয় ৰ অভিজ্ঞতা দিয়ে। মাই বিজনেছ কিউআৰৰ জৰিয়তে ব্যৱসায়ী সকলে নিজা এখন ডিজিটেল ব্যৱসায় প্ৰ’ফাইল বনাব পাৰে, যিটো একেধৰণে এখন অনলাইন ষ্ট’ৰফ্ৰণ্ট ৰ দৰে কাম কৰে। গ্ৰাহকে ব্যৱসায়ীজনৰ ব্যৱসায়িক প্ৰফাইল স্কেন কৰি পোনপটীয়াকৈ তেওঁলোকৰ ফোনত যোগাযোগ সংৰক্ষণ কৰিব পাৰে।
এই বিষয়ত মন্তব্য কৰি, এইচডিএফচি বেংকৰ পেমেণ্ট আৰু ডাইৰেক্ট বেংকিং চেনেলৰ মুৰব্বী ৰজনীশ প্ৰভুৱে কয় যে, “এইচডিএফচি বেংকত আমাৰ দৃষ্টিভংগী হৈছে প্ৰতিজন ব্যৱসায়ীক তেওঁলোকৰ ব্যৱসায় বৃদ্ধি আৰু গ্ৰাহকৰ আস্থা গঢ়ি তোলাত সহায় কৰা প্ৰযুক্তিৰে শক্তিশালী কৰা ডিজিটেল অৰ্থনীতিত তেওঁলোকৰ ব্যৱসায়িক বৃদ্ধিয়ে জিএফএফ (GFF) ত এই আৰম্ভণিয়ে সৰল, অন্তৰ্ভুক্ত প্ৰযুক্তি সমাধানৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়সমূহ বৃদ্ধি কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতিক আলোকপাত কৰে।
এই মুকলিৰ জৰিয়তে এইচ ডি এফ চি বেংক আৰু ভ্যপাৰীফাই ভাৰতত ব্যৱসায়ীসকলৰ বাবে ডিজিটেল অন্তৰ্ভুক্তিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলে কেৱল পেমেণ্ট সংগ্ৰহ কৰাই নহয়, নিজৰ ডিজিটেল উপস্থিতি গঢ়ি তোলাতো সহজ হৈ পৰিছে।
এইচ ডি এফ চি বেংকে দৈনন্দিন লেনদেন সৰল আৰু সুৰক্ষিত কৰাৰ বাবে জি এফ এফ ২০২৫ত ইউ পি আই আৰু ভাৰতৰ ডিজিটেল টকাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী প্ৰজন্মৰ পেমেণ্ট সমাধানৰ পৰিসৰও প্ৰৱৰ্তন কৰে।

Comments (0)
Add Comment