এইচ ডি এফ চি বেংক গ্ৰুপৰ এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ সফল সামৰণি

এইচ ডি এফ চি বেংক গ্ৰুপে ৬টা খণ্ডৰ মুঠ ১০ গৰাকী বিজয়ী আৰু উদীয়মান মহিলা প্ৰতিষ্ঠাপকসকললৈ দুটা বিশেষ বঁটা স্বীকৃতি ঘোষণা কৰি এইচ ডি এফ চি টেক ইনোভেটৰছ–২০২৫ৰ চতুৰ্থ সংস্কৰণৰ সামৰণি মাৰে।এইচডিএফচি বেংক, এইচডিএফচি কেপিটেল আৰু এইচডিএফচি এএমচিয়ে যৌথভাৱে আয়োজন কৰা আৰু গ্ৰুপৰ অন্যান্য কোম্পানীসমূহ যেনে এইচডিএফচি লাইফ এইচডিএফচি এৰগো এইচডিএফচি ছিকিউৰিটিজ আৰু এইচডিবি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ সহায়ত আয়োজন কৰা এই এইচডিএফচি টেক ইনোভেটৰছ ২০২৫ৰ জৰিয়তে ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰক সমৰ্থন আগবঢ়োৱা হয়। এই সংস্কৰণৰ বাবে দেশৰ ২৯০ খনতকৈও অধিক চহৰৰ পৰা ১,৬০০+ ষ্টাৰ্টআপৰ পৰা আবেদন আহিছিল।

ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰক সমৰ্থনৰ জৰিয়তে এইচডিএফচি টেক ইনোভেটৰছে ষ্টাৰ্টআপসমূহৰ বাবে এটা স্বীকৃতি মঞ্চ প্ৰদান কৰে আৰু এইচডিএফচি বেংক গ্ৰুপ কোম্পানীসমূহক বিকাশৰ সৈতে জড়িত হ’বলৈ আৰু অন্বেষণ কৰিবলৈ সক্ষম কৰি তোলে। এই পদক্ষেপৰ জৰিয়তে উদ্যোগীকৰণৰ যাত্ৰাত কিছু সকাহ দিবলৈ উদ্ভাৱনীমূলক সমাধান সৃষ্টি কৰা প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টাৰ্টআপসমূহক স্বীকৃতি দিয়া হৈছ।উল্লেখযোগ্য যে এই বছৰৰ আৰম্ভণিতে এইচ ডি এফ চি বেংকে সম্পূৰ্ণ ষ্টেক এণ্ড টু এণ্ড কোৱাণ্টাম-নিৰাপদ চাইবাৰ সুৰক্ষা প্লেটফৰ্মৰ অগ্ৰণী QNuলেবছত বিনিয়োগৰ কথা ঘোষণা কৰিছিল।আনহাতে এইচডিএফচি বেংকে ইয়াৰ চিএছআৰ প্ৰগ্ৰেম পৰিৱৰ্তনৰ জৰিয়তেও ষ্টাৰ্টআপসমূহক সমৰ্থন কৰি সমগ্ৰ দেশৰ আগশাৰীৰ ইনকিউবেটৰসমূহৰ সৈতে কাম কৰি আছে।

এই সন্দৰ্ভত এইচডিএফচি বেংকৰ গ্ৰুপ হেড(ব্ৰাঞ্চ বেংকিং, পেমেণ্টছ, ট্ৰেজাৰী, লাইবেলিটি প্ৰডাক্টছ, মাৰ্কেটিং, ভাৰ্চুৱেল চেনেল আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ)আশীষপাৰ্থসাৰথি কয় যে, ষ্টাৰ্টআপক স্বীকৃতি দি ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ নিগম হোৱাৰ যাত্ৰাত তেওঁলোকক সহায় কৰাটো আমাৰ বাবে এক সৌভাগ্যৰ কথা। আমাৰ ষ্টাৰ্টআপ বিল্ডআপ প্ৰগ্ৰেমৰ অফাৰসমূহ অনন্য। কাষ্টমাইজড কাৰেণ্ট একাউণ্টৰ পৰা আৰম্ভ কৰি স্বাস্থ্য গ্ৰুপলৈকে নূন্যতম সাতজন লোক, বাণিজ্যিক কাৰ্ড আৰু মূল্য সংযোজিত সেৱাসমূহৰ বাবে সামৰি লোৱা হৈছে। যাৰ জৰিয়তে প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু দৈনিক লেনদেনৰ ওপৰত নিয়ন্ত্ৰণমূলক প্ৰতিবেদন আৰু ফাইলিং সমৰ্থন কৰে।

যোৱা বছৰলৈকে এই বাৰ্ষিক পদক্ষেপটোৰ জৰিয়তে প্ৰপটেক, ফিনটেক, ছাষ্টেনেবিলিটি টেক, কনজিউমাৰ টেক আৰু নিউ-এজ টেক খণ্ডসমূহত জড়িত ষ্টাৰ্টআপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । কিন্তু এই বছৰ এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতাৰ লগতে মহিলা উদ্যোগীসকলৰ বাবে বিশেষ বঁটা বিবেচনা কৰি ডিফেন্স এণ্ড স্পেচ টেক ষ্টাৰ্টআপৰ বাবে অতিৰিক্ত খণ্ড অন্তৰ্ভুক্ত কৰিবলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰিছে।

এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ বিজয়ীসকল আছিল ক্ৰমে নিউস্পেচৰিচাৰ্চএণ্ডটেকন’লজিছ, এনলাইটৰিচাৰ্চ, পেডকেয়াৰলেবছ অৰ্বিটএইডএৰ’স্পেচ,ৱাংকেলএনাৰ্জিচিষ্টেমছ, মাইণ্ডৱেভট্ৰেন্সফৰ্মাৰ,ডিভাৰাই-ৰেজিষ্ট্ৰি, নাভানাটেক, হেক্টাপ্ৰপটেক আৰু টেকইউনিএপছ।ইমাৰ্জিং উইমেন ফাউণ্ডাৰ শাখাৰ অধীনত দুগৰাকী ক্ৰমে প্ৰমাত্ৰস্পেচটেকন’লজিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰিচা হুকুমচাণ্ড আৰু একুৱা এয়াৰক্স অটোন’মাছচিষ্টেমছৰ গৌতমী টি এছ বিজয়ী হৈছে।

অহা এটা বছৰ(বাৰ মাহ)ৰ ভিতৰত বিজয়ী ষ্টাৰ্টআপসমূহে এইচ ডি এফ চি বেংক গ্ৰুপৰ জ্যেষ্ঠ নেতাসকলৰ পৰা মেণ্টৰশ্বিপ লাভ কৰিব। লক্ষণীয়ভাৱে এইচডিএফচি বেংক গ্ৰুপ কোম্পানীসমূহৰ উদ্যোগ বিশেষজ্ঞ, বিনিয়োগকাৰী আৰু জ্যেষ্ঠ নেতাসকলৰ এটা বিশিষ্ট পেনেলে এই সমগ্ৰ প্ৰক্ৰিয়াৰ অংশীদাৰ হিচাপে থাকি ই ৱাই ইণ্ডিয়াই পৰিচালনা কৰা নিৰ্বাচন প্ৰক্ৰিয়াত জুৰী হিচাপে অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment