“এই মাটিতে” ৰ ৫ টা ট্ৰেক মুকলি

ডাইনী হত্যাৰ ওপৰত নিৰ্মিত প্ৰথমখন অসমীয়া চিনেমা “এই মাটিতেৰ” সংগীত আজি আনুষ্ঠানিক ভাৱে গুৱাহাটীৰ প্ৰেচ ক্লাবত উন্মোচিত হয়।

অংগীকাৰ ফিল্মছৰ বেনাৰত নিৰ্মিত এই চিনেমাখনৰ আজি পাঁচটা ট্ৰেক মুকলি হয়। আটাইকেইটা গীতৰ অন্তৰালত থকা ব্যক্তিজন হৈছে ডo সীতানাথ লহকৰ আৰু বিভূৰঞ্জন চৌধুৰী। উল্লেখযোগ্য যে এই চিনেমাখন ৬ অক্টোবৰত মুক্তি লাভ কৰিব। আজি সংগীত উন্মোচনীৰ অনুষ্ঠানত পৰিচালক ডo সীতানাথ লহকৰ, সংগীত পৰিচালক বিভূৰঞ্জন চৌধুৰী, শিল্পী তৰালি শৰ্মা, সংগীতঞ্জ জিতেন বসুমতাৰী, নমিতা দলেকে আদি কৰি চিনেমাখনৰ লগত জৰিত বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।

স্মতৰ্ব্য যে “এই মাটিতে” শীৰ্ষ চিনেমাখনৰ Music Partner বক্স মিউজিকৰ Youtube চেনেলত উপলব্ধ হ’ব। তদুপৰি Google Play Store, Hungama, Saavn, Wynk কে আদি কৰি প্ৰতিটো অনলাইন সংগীত বিপনীত উপলব্ধ হ’ব।

Comments (0)
Add Comment