কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কামৰূপ জিলাৰ ৰাণীৰ কহাৰপাৰাত অনুষ্ঠিত কাতি বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ধাননি পথাৰত শ্ৰদ্ধাৰে আকাশবন্তি প্ৰজ্বলন কৰে।
অনুষ্ঠানত কৃষকসকলক উদ্দেশ্যি ভাষণে প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই একক খেতিৰ পৰিৱৰ্তে বছৰত দুটা বা তিনিটাকৈ খেতি কৰিবলৈ আহ্বান জনায়। কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে উদ্যান শস্যৰ ওপৰত মনোনিৱেশ কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত কৃষি আৰু জলসিঞ্চন বিভাগে আঁচনিসমূহ কাৰ্যকৰী কৰাৰ জৰিয়তে কৃষকসকলক সহায় কৰিবলৈ যাৱতীয় সকলো প্ৰচেষ্টা চলাই আহিছে। তেওঁ কয়, “মাকৈ আৰু মাখানা খেতি এতিয়া আমাৰ মূল লক্ষ্য আৰু আমি ২০ হাজাৰ বিঘা মাটিত মাখানা খেতি কৰাৰ লক্ষ্য লৈছোঁ।”
একেদৰে অনাগত দিনসমূহত কৃষি বিভাগে তৈল খেজুৰ, আদা, তিল আদিৰ লগতে লিচু আৰু ড্ৰাগন ফল আদি ব্যাপকভাৱে সম্প্ৰসাৰণ কৰিব আৰু এই শস্যৰ পুলিসমূহ বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত বিতৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
ইয়াৰ উপৰিও, কৃষি বিভাগে ৰাজ্যত কৃষক পঞ্জীয়নৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই থকাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী হাজৰীকাই কৃষকসকলক স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।