এটা ভাল খবৰৰ আঁত ধৰি

এটা ভাল খবৰৰ আঁত ধৰি

IMG-20160821-WA0010
 
সততে উথাপিত হোৱা এটা প্ৰসংগ হ’ল যুৱ উশৃংখলতা। কিন্তু যুৱ উশৃংখলতা শব্দটো বিপৰীত মেৰুত অৱস্থান কৰি সমাজলৈ সেৱা আগবঢ়াৱা এগৰাকী নৱপ্ৰজন্ম হ’ল মাধুৰ্য্য শইকীয়া । উল্লেখযোগ্য যে মাধুৰ্য্য শইকীয়াই মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য আৰু অংকীয়া ভাওনা প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যত ব্ৰতী হৈছে। গোলাঘাট মহুৰামুখ এই যুবক জন ২০০০ চনৰ পৰাই সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। মাধুৰ্য্য শইকীয়াই বৰ্ত্তমান লৈকে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰায় ৩০ খন মান ঠাইত শংকৰী কলা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্যত ব্ৰতী হৈছে। ইয়াৰ ভিতৰত নামনি অসমৰ বৰপেটা সত্ৰত অংকীয়া ভাওনাৰ প্ৰশিক্ষণ দিয়া কাৰ্য্য উল্লেখযোগ্য । কলা সংস্কৃতি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা যোৱা ১৫ আগষ্টত বিশেষ ভাবে সম্বৰ্দ্ধনা লাভ কৰে । ভবিষ্যতে সত্ৰীয়া নৃত্যৰ বিশাৰদ হৈ অসমৰ বাহিৰত শংকৰী কলা সংস্কৃতি প্ৰচাৰ কৰা আশা পুহিঁ ৰাখিছে।
 
IMG-20160821-WA0011

Comments (2)
Add Comment
  • Arabinda saikia

    Great , aru aguai jua.

    • Queet Rock Das

      I heart said u r greet because I dance satriya dance