এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাৰ অচল অৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা

বিভিন্ন সমস্যাৰে জৰ্জৰিত এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ টিংখাং আৰু ৰজগড় চাহ বাগিচাকে অসমত থকা কোম্পানীটোৰ কেবাখনো বাগিচাত বিগত কেবা সপ্তাহ ধৰি বাগিচা কৰ্তৃপক্ষই কৰ্মচাৰীৰ দৰমহা, শ্ৰমিকৰ মজুৰি আৰু ৰেচন আদায় দিব নোৱৰা পৰিপ্ৰেক্ষিতত বাগিচা কেইখনত অচলৱস্হাৰ সৃষ্টি হৈছে।

এই সমস্যাৰ আশু সমাধানৰ বাবে বিগত কিছু দিন ধৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰচেষ্টা চলাই আহিছে।আজি বিষয়টোৰ এক সমাধান বিচাৰি উলিওৱাৰ বাবে ডিব্ৰুগড় বিশ্ব বিদ্যালয় অতিথিশালাত এখন শীর্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
উদ্যোগ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ বৈঠকত সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা, ৰামেশ্বৰ তেলী, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, অসম চৰকাৰৰ মুখ্যসচিব ড০ৰবি* *কোটা, শ্ৰম আৰু দক্ষতা বিকাশ বিভাগৰ আয়ুক্ত সচিব ড০বি কল্যাণ চক্ৰৱৰ্তীৰ লগতে এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অনন্ত মোহন সিং উপস্থিত থাকি বিষয়টো সন্দৰ্ভত গভীৰ ভাবে আলোচনা কৰে।
বৈঠকত আগন্তুক১০দিনৰ ভিতৰত শ্ৰমিক সংগঠন সমূহৰে আলোচনা কৰি শ্ৰমিকৰ বোনাচৰ বিষয়টো মিমাংসা কৰাৰ বাবে এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ অধ্যক্ষক নিৰ্দেশ দিয়া হয়। ৰাজ্য চৰকাৰে অন্যান্য চাহ বাগিচা সমূহক অহা ১৫ দিনৰ ভিতৰত শ্ৰমিক সকলৰ বোনাচ প্ৰদানৰ ব্যবস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিততে এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীকো অনুৰূপ ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।
তদুপৰি সংশ্লিষ্ট উৰ্দ্ধটন কতৃপক্ষৰ সৈতে আলোচনাৰ জৰিয়তে বাগিচা কেইখন চলোৱাৰ বাবে পূজিৰ ব্যবস্থা কৰাৰ বাবেও বৈঠকত কোম্পানী কতৃপক্ষক নিৰ্দেশ দিয়া হয়।
উল্লেখ্য যে ৰাজহুৱা খণ্ডৰ অধীনস্হ কোম্পানীটোৰ বাগিচা কেইখনত সৃষ্টি হোৱা সমস্যাৰ ফলত শ্ৰমিক সকলে অন্য কামৰ সন্ধান কৰিবলগীয়া হোৱাত চাহ পাতৰ কোমল পাত তোলাৰ পৰিবৰ্তে কাচিৰে কাটি পেলাব লগীয়া হৈছে।ইয়াক কেন্দ্ৰ কৰি বাগিচা কেইখনত বিগত কিছুদিন ধৰি এক অচলাবস্থাৰ সৃষ্টি হৈআছে। বাগিচা কেইখনত উদ্ভৱ হোৱা এই সমস্যা সমাধানৰ বাবে ইতিমধ্যে উদ্যোগ মন্ত্ৰী বড়াই কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ ডি কুমাৰস্বামীলৈ কেইদিনমান পূৰ্বে এক পত্ৰ লিখাৰ উপৰি বাগিচা কেইখন ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছিল।মুখ্য সচিব ড০ৰবি কোটায়ো কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিব কামৰণ ৰিজৱিক বিষয়টো সন্দৰ্ভত অৱগত কৰোৱাৰ লগতে ইয়াৰ এক সমাধান সূত্ৰ উলিওৱাৰ বাবে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছিল।

Comments (0)
Add Comment