এথলেটিকছৰে অসমক পৰিচয় কৰিব বিচৰা এগৰাকী খেলুৱৈৰ কথাৰে

এথলেটিকছৰে অসমক পৰিচয় কৰিব বিচৰা এগৰাকী খেলুৱৈৰ কথাৰে

IMG-20170725-WA0015

নিউজ আপডেট দি থকা সময়তে Whatsapp ত এটা মেছেজ আহিল। মেছেজটো হ’ল এনেধৰণৰ- নগাঁওৰ ধিঙৰ হিমা দাসে এথলেটিকছত পাৰদৰ্শিতা দেখুৱাই সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। হিমা দাসৰ সফলতাৰ জয়যাত্ৰাৰ বিষয়ে nefocus.com ত প্ৰকাশ কৰিব লাগে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই মেছেজটো আমালৈ প্ৰেৰণ কৰিছিল ধিঙৰ দেবানন্দ ভৰালীয়ে।

IMG-20170725-WA0013

খবৰৰ উৎসৰ ভু লৈ আমি বিচাৰি উলিয়াইছিলো হিমা দাসক, হিমা দাসৰ লগত হোৱা কথোপকথনৰ পৰা জানিব পৰা কিছু কথা আজি আমি আপোনালোকলৈ আগবঢ়ালো।

হিমা দাসৰ খেলৰ প্ৰতি আকৰ্ষণ সৰু কালৰে পৰা আছিল। ফুটবল খেলি খুব ভাল পাইছিল। পৰৰ্বত্তী পৰ্য্যায়ত এথলেটিকছক আদৰি লয়। ইতিমধ্যে বেংককত, কেনিয়াত এথলেটিকছ শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। অলপতে বিশ্ব যুৱ এথলেটিকছত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হ’ল। তেওঁ এই সফলতাৰ আঁৰত আছিল প্ৰশিক্ষক ছামচুল হক আৰু নিপন দাস- এই মন্তব্য হিমা দাসৰ।

IMG-20170725-WA0014

বৰ্ত্তমান হিমাই অলিম্পিক গেমছৰ বাবে প্ৰস্তুতি চলাই আছে হিমাৰ লক্ষ্য বিশ্ব এথলেটিকছত অসমৰ নাম চিনাকি কৰাই দিয়াৰ।

Comments (0)
Add Comment