এনডিএ-ৰ বৈঠকত অংশ ল’লে অগপৰ সভাপতিয়ে-এনডিএ-ৰ নেতা নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীক অসম গণ পৰিষদৰ আন্তৰিক অভিনন্দন


সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ)-ৰ দীৰ্ঘদিনীয়া অংশীদাৰ অসম গণ পৰিষদে পুনৰ এনডিএ-ৰ প্ৰতি অকুণ্ঠ সমৰ্থন আগবঢ়াইছে।

আজি নতুন দিল্লীত অনুষ্ঠিত এনডিএ-ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতি অতুল বৰাই অংশগ্ৰহণ কৰে আৰু এই বৈঠকৰ অন্তত এনডিএ-ৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক অসম গণ পৰিষদৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ দিশত আন্তৰিকতাৰে কাম কৰি বিকাশৰ গতিধাৰাক নতুন ৰূপত উজ্জীৱিত কৰি তুলিব বুলি অগপই আশা প্ৰকাশ কৰে।

Comments (0)
Add Comment