এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ভৰ বাৰিষাৰ শাওণৰ পথাৰত নামিছে দুখন গাঁৱৰ গঞাঁ। কোনোৱে যদি কঠিয়া তুলিছে, কোনোৱে দাঙিছে কঠিয়াৰ ভাৰ,কোনোৱে আকৌ আলিপাৰ দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ৰুইছে ভূই।এয়া জামুগুৰিহাটৰ শাওণৰ পথাৰৰ এক মনোৰম দৃশ্য। এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰেই জামুগুৰিহাটৰ ডেকাচুক আৰু গোধমৰাচুক গাঁওৰ ৰাইজে বছৰ বছৰ ধৰি গাঁও দুখনৰ সমূহীয়া মাটিত কৰি আহিছে খেতি।হালোৱাই হাল বাই উলিয়াই দিয়া মাটি দৰাত এইদৰে বিহু গীত গাই আনন্দ উল্লাসৰ মাজেৰেই ৰোৱনী সকলে ভূই ৰোৱাৰ লগতে কঠিয়া তোলা সকলেও আনন্দ মনৰে নাচি বাগি কৃষি কৰ্মত মনোনিবেশ কৰিলে। দুপৰীয়া বোকা-পানীৰ মাজত সকলো গঞাঁই মিলি এসাজ খোৱাৰ মাদকতাই যেন সুকীয়া ৷
চিপচিপিয়া বৰষুণত তিতি শাওণৰ ক্লেদাক্ত পথাৰত সমূহীয়া ভাৱে কৃষি কৰ্মত নমা এইসকল গঞাঁ ৰাইজৰ মাজত নাই কোনো কৃত্ৰিমতা। যিটো সময়ত আধুনিকতাৰ পৰশ পৰি আমাৰ গ্ৰাম্য সমাজৰ পৰা কিছুমান সমূহীয়া প্ৰথা নাইকিয়া হ`বলৈ ধৰিছে সেই সময়তে জামুগুৰিহাটৰ এই দুখন গাঁওৰ ৰাইজে নিজৰ এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰে সমূহীয়া ভাৱে কৃষি কৰ্ম কৰা ব্যৱস্থাটো অত্যন্তই ইতিবাচক হিচাপে চিহ্নিত হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।