এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত

অসম নগৰীয়া আন্তঃগাঁথনি উন্নয়ন আৰু বিত্ত নিগম লিমিটেড (এ ইউ আই ডি এফ চি এল)ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠকখন আজি জনতা ভৱনৰ বি ব্লকস্থিত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়।

মন্ত্ৰী ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত এ ইউ আই ডি এফ চি এল-এ ৰাজ্যজুৰি ৰূপায়ণ কৰি থকা বিভিন্ন কাৰ্যসূচী আৰু প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে অসমৰ নগৰীয়া উন্নয়ন অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ অগ্ৰগতি আৰু আগন্তুক কৰণীয় সন্দৰ্ভতো বিস্তৃত আলোচনা কৰা হয়।
বৈঠকত নগৰীয়া আন্তঃগাঁথনি উন্নয়ন, প্ৰকল্প ৰূপায়ণ, বিত্তীয় ব্যৱস্থাপনা আৰু প্ৰাতিষ্ঠানিক সক্ষমতা বৃদ্ধিৰ সৈতে জড়িত বিভিন্ন কৌশলগত বিষয়ত আলোচনা কৰা হয়। প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰা, উপলব্ধ সম্পদৰ দক্ষ ব্যৱহাৰ নিশ্চিত কৰা আৰু নগৰাঞ্চলসমূহত আন্তঃগাঁথনিৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত মন্ত্ৰী ৰায়ে নগৰীয়া উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে নগৰীয়া আন্তঃগাঁথনি আৰু সেৱাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত সকলোৰে সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে প্ৰকল্প ৰূপায়ণত স্বচ্ছতা, জবাবদিহিতা আৰু কাৰ্যদক্ষতাৰ উচ্চ মানদণ্ড অটুট ৰখাৰ ওপৰতো জোৰ দিয়ে।

বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, বিত্ত বিভাগৰ সচিব মৌচুমী বৰুৱা, এ ইউ আই ডি এফ চি এল-ৰ পৰিচালন সঞ্চালক হিভাৰে নিসৰ্গ গৌতম, পৌৰ প্ৰশাসন সঞ্চালক টংকেশ্বৰ দাস, এ ইউ আই ডি এফ চি এল-ৰ অতিৰিক্ত পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী আৰু নিগমৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।

বহনক্ষম নগৰীয়া উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় অংগীকাৰ পুনৰ দোহাৰি মন্ত্ৰী ৰায়ে এ ইউ আই ডি এফ চি এল আৰু সংশ্লিষ্ট সকলোকে অসমৰ নগৰাঞ্চলসমূহত বহনক্ষম আৰু ভৱিষ্যতমুখী আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

Comments (0)
Add Comment