চতিয়াৰ এক গৌৰৱোজ্বল ইতিহাসৰ সাক্ষী ঐতিহাসিক চতিয়া আৰক্ষী থানা ৷ ১৯৪২ চনৰ ২০ আগষ্টত দেশৰ ভিতৰতে পোনপ্ৰথমে বৃটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা উৰুৱাইছিল ৷ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী স্বৰূপ চতিয়া ঐতিহাসিক আৰক্ষী থানাৰ দেৱালত শনিবাৰে সন্ধিয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজেও এগৰাকী চতিয়া সন্তান ৰূপে দেৱাল অংকনত ৰং তুলিকাৰে হাত বুলালে ৷ দেৱাল অংকনত অসমৰ বিশিষ্ট নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ লগতে চতিয়া বহুকেইজন উদীয়মান চিত্ৰ শিল্পীক বিধায়কগৰাকীয়ে একোখনকৈ ফুলাম গামোছাৰে অভিনন্দন জনায় ৷ বিধায়কগৰাকীয়ে সকলোকে ৭৫ তম স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উলহ মালহেৰে পালন কৰিবলৈ আহ্বান জনায় ৷ ইতিমধ্যে চতিয়াৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষীস্বৰূপ চতিয়া থানাৰ দেৱালৰ সন্মুখত নিজকে এগৰাকী চতিয়াবাসী ৰূপে পৰিচয় দি ছেল্ফি গ্ৰহণ কাৰ্যসূচীও ৰূপায়ণ কৰে ৷উল্লেখ্য যে চতিয়াৰ ইতিহাসৰ গৌৰৱোজ্বল ২০ আগষ্টৰ দিনটোক ইতিমধ্যে চতিয়া দিৱস ৰূপে উদযাপনৰ এক ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।
ঐতিহাসিক চতিয়া থানাত দেৱাল অংকনত ৰং তুলিকা হাতত ল’লে বিধায়ক পদ্ম হাজৰিকাই
