কন্যকা পৰিদৰ্শন কৰে পতঞ্জলীৰ আচাৰ্য্য বালকৃষ্ণই – ভৱিষ্যতে কন্যকাক লৈ পৰিকল্পনা কৰাৰ ইংগিত দিয়ে বালকৃষ্ণই

কন্যকাৰ সৃষ্টি অদ্ভুত ৷ দেশৰ ভিতৰতে এক অনন্য সৃষ্টি ৷ কন্যকাই নতুন জাগৰণ সৃষ্টি কৰিছে ৷ মানৱ সমাজৰ কাৰণে ই এক আদৰ্শলৈ পৰিণত হৈছে ৷ এই মন্তৱ্য পতঞ্জলিৰ চি আই অ আচাৰ্য্য বালকৃষ্ণৰ ৷ মঙ্গলবাৰে সন্ধ্যা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জীয়া ভৰলীৰ পাৰত গঢ়লৈ উঠা কন্যকা কৃষি পাম পৰিদৰ্শন কৰি আৰু কয়- কন্যকাৰ আমাৰ সকলোৰে আদৰ্শ হৈ ৰওক ৷ পদ্ম হাজৰিকাৰ এই যাত্ৰা অব্যাহত থাকক ৷ ভৱিষ্যতে কন্যকাক লৈ নতুন পৰিকল্পনা কৰাৰো ইংগিত দিয়ে তেখেতে ৷পতঞ্জলিৰ চিএমডি গৰাকীক কন্যকা পৰিদৰ্শন কালত সংগ দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ধনৱাটে ৷

বাতৰি যুগুতালে পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment