গুৱাহাটী মহানগৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ উদ্যোগত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অনুষ্ঠিত সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ সফল সামৰণি পৰে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ বাছকবনীয়া আৰু প্ৰতিষ্ঠিত ১৪টা নাট্যদলে অংশগ্ৰহণ কৰা একাংক নাট প্ৰতিযোগিতাত বিশিষ্ট নাট্যকাৰ-চিত্ৰনাট্যকাৰ-পৰিচালক পংকজজ্যোতি ভূঞাৰ পৰ্যবেক্ষণত বিচাৰক হিচাপে উপস্থিত আছিল ক্ৰমে নাট্যকাৰ-পৰিচালক-অভিনেতা অসীমকৃষ্ণ বৰুৱা, অসীম শৰ্মা আৰু ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা, বিশিষ্ট অভিনেত্ৰী নিবেদিতা ভড়ালী ৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদল হিচাপে বিবেচিত হয় শিপাভূমি নাট্যগোষ্ঠী, গোলাঘাট, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল নটতীৰ্থ, গুৱাহাটী আৰু তৃতীয় শ্ৰেষ্ঠ দল প্ৰয়াস নাট্যগোষ্ঠী, গুৱাহাটী ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পাণ্ডুলিপি “ঈচেঙৰ সাধু”৷ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী ক্ৰমে দিগন্ত কাকতি আৰু শিল্পীকা গোস্বামী, শ্ৰেষ্ঠ পৰিচালক নয়ন য়েইন, শ্ৰেষ্ঠ শিশুশিল্পী ধৃতি কাকতি, শ্ৰেষ্ঠ আৱহ সঙ্গীত পুলকেশ বড়ো, শ্ৰেষ্ঠ ৰূপসজ্জা কুমাৰ কিশোৰ দাসৰ, শ্ৰেষ্ঠ মঞ্চসজ্জা জয়ন্ত ডেকা, শ্ৰেষ্ঠ আলোক সজ্জা ৰনাল্ড হুছেইন আৰু শ্ৰেষ্ঠ সাজসজ্জা নয়ন য়েইনৰ। প্ৰতিযোগিতাৰ সামৰণিৰ পিছতে সোমবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত “সাদিন” কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, বিশিষ্ট নাট পৰিচালক উপকূল বৰদলৈ, অসম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব অনিমেষ তালুকদাৰ, বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ, সুপ্ৰভাত কলাক্ষেত্ৰৰ জ্যেষ্ঠ সদস্য নাহৰ ডেকা আৰু সভাপতি অজিত নাথৰ উপস্থিতিত প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয় ৷ একাংক নাট প্ৰতিযোগিতাৰ আহ্বায়কদ্বয় দীপক তালুকদাৰ আৰু ৰাজু কলিতাই জনোৱা মতে প্ৰতিযোগিতাৰ প্ৰথম তিনিটা শ্ৰেষ্ঠ বিজয়ী দলক আকৰ্ষণীয় বঁটা-মানপত্ৰৰ লগতে ক্ৰমে ৩৫,০০০, ৩০,০০০ আৰু ২৫,০০০টকাৰ নগদ ধন আগবঢ়োৱা হয় ৷ তদুপৰি দলীয়ভাৱে অন্যান্য পাঁচটা নাট্যদলৰ লগতে ব্যক্তিগতভাৱে বিভিন্ন শাখাত স্থানপ্ৰাপ্ত অনান্য প্ৰতিযোগীসকলকো আকৰ্ষণীয় বঁটা- মানপত্ৰৰ লগতে সৰ্বমুঠ ১লাখ ৭৫হাজাৰ টকাৰ নগদ ধন প্ৰদান কৰা হয়। সম্পাদক শ্বাহজামাল জাকাৰিয়াই পৰিচালনা কৰা একাংক নাট প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানতে “সুপ্ৰভাত কলাক্ষেত্ৰ”ৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পূজীৰ অধীনত মহানগৰীৰ আৰ্থিকভাৱে দুৰ্বল বৃদ্ধাশ্ৰম আৰু শৈক্ষিক প্ৰতিষ্ঠানলৈ সৰ্বমুঠ একলাখ টকাৰ সাহাৰ্য আগবঢ়োৱা হয়। ইয়াৰ ভিতৰত অৰ্চনা বৰঠাকুৰ নেতৃত্বাধীন নাৰেঙ্গীৰ প্রিয়বন্ধু বহুমুখী বিদ্যালয়ক ৭৫ হাজাৰ টকা, নালাপাৰাৰ ক্ষিৰোদ শৰ্মা নেতৃত্বাধীন সম্প্ৰীতি শান্তি নিবাস বৃদ্ধাশ্রমক ১৩ হাজাৰ টকা আৰু ছয়মাইল মেট্ৰ’পলিটান ছোৱালী হাইস্কুলক ১২ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰা হয়।