কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত এক অনুস্থানত পঞ্চায়তীৰাজ প্ৰতিস্থানৰ কামৰূপ, দৰং আৰু বজালী জিলাৰ গাঁও পঞ্চায়ত সমূহৰ নৱ নিৰ্বাচিত সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি পঞ্চায়তীৰাজ প্ৰতিষ্ঠান সমূহৰ নৱ নিৰ্বাচিত বিষয়ববীয়া সকলক আগন্তুক দিনত সুস্থ-সবল পঞ্চায়ত গঢ়ি তোলাৰ দিশত অহোপুৰুষাৰ্থ কৰাৰ বাবে আহ্বান জনায়।
উল্লেখ্য যে নৱ নিৰ্বাচিত পঞ্চায়তৰ সৰ্বমুঠ ২১৯২ গৰাকী গাওঁ পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ ৩৬৪ গৰাকী সভাপতি/ উপ-সভাপতি আৰু জিলা পৰিষদৰ ৩৯৭ গৰাকী সদস্যক পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। খানাপাৰাস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ লগতে কাঁহিকুছিত থকা ৰাজ্যিক প্ৰতিষ্ঠানখনৰ চৌহদতো এই প্ৰশিক্ষণ কাৰ্যসূচী চলাই থকা হৈছে। তদুপৰি আঞ্চলিক পঞ্চায়তৰ ১৮২৮ আৰু গাওঁ পঞ্চায়তৰ ১৯৭২৮ গৰাকী সদস্যকো বিভিন্ন জিলাত থকা সম্প্ৰসাৰিত প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা পঞ্চায়ত সমল কেন্দ্ৰ সমূহত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে নৱ নিৰ্বাচিত এই প্ৰতিনিধি সকলে পঞ্চায়তৰ বিভিন্ন আঁচনি তথা কাম-কাজ পৰিচালনাৰ বিষয়ে ব্যৱহাৰিক তথা সম্যক জ্ঞান আহৰণ কৰিব পাৰে।
উল্লেখ্য যে কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজিৰে পৰা অহা ১৯ জুলাইলৈকে ৫দিনৰ বাবে চলিবলগীয়া জিলা তিনিখনৰ পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি তথা সভানেত্ৰী সকলক প্ৰশিক্ষণৰ কালছোৱাত পঞ্চায়ত সমূহত তেখেতসকলে ল’বলগীয়া ভূমিকা, দায়বদ্ধতা, বিভিন্ন আঁচনি ৰূপায়ণত ল’বলগীয়া ভূমিকা তথা পঞ্চায়তৰ বিভিন্ন নিয়মাৱলীৰ বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নৱ গঠিত পঞ্চায়তৰ সকলো প্ৰতিনিধিক শুভেচ্ছা জনাই বিভিন্ন সমল ব্যক্তিৰ দ্বাৰা প্ৰদান কৰিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত লাভ কৰা অভিজ্ঞতাৰে পুষ্ট হৈ গ্ৰামাঞ্চলৰ জনসাধাৰণক সেৱা কৰাৰ বাবে আহ্বান জনায়। তেওঁ লগতে নিজৰ কৰ্ম সম্পাদন কৰোতে কোনো কাৰণতে যাতে দূৰ্নীতি তথা স্বজন তোষণ নকৰে আৰু প্ৰকৃত হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুফল লাভ কৰিব পাৰে তাৰ প্ৰতি সচেষ্ট হোৱাৰ বাবেও আহ্বান জনায়।আজিৰ এই অনুষ্ঠানত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

Comments (0)
Add Comment