কামপুৰৰ নিৰ্বাসী, বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা পৰিবেশকৰ্মী দম্পতি ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াক মধ্য অসম ৰেডিঅ’ শ্ৰুোতাৰ সংঘৰ তৰফৰ পৰা এটি অনাতাঁৰ ছেট ২১ আগষ্টত প্ৰদান কৰা হয়। মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত ৰেডিঅ’ বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰকৃতিপ্ৰেমীদ্বয়ৰ গৃহত গৈ অনাতাঁৰ ছেট প্ৰদান কৰে। শ্ৰোতা সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ, সঞ্চালক ৰাহুল দেৱ বৰদলৈ আৰু উপদেষ্টা মিলেশ্বৰ ডেকাই শ্ৰোতা সংঘৰ হৈ অনাতাঁৰ ছেটটো প্ৰদান কৰে। উল্লেখ্য যে ৰেডিঅ’ৰ শ্ৰোতা সংঘলৈ প্ৰয়াত সমাজকৰ্মী প্ৰেমানন্দ গোস্বামী আৰু তিলোত্তমা গোস্বামীৰ সোঁৱৰণত তেখেতসকলৰ পুত্র চিদানন্দ দেৱ গোস্বামীয়ে আগবঢ়াই। ৰেডিঅটো উপহাৰ হিচাপে গ্ৰহণ কৰি প্ৰকৃতিপ্ৰেমী শইকীয়াই অত্যন্ত আনন্দ প্ৰকাশ কৰি কয়- আজি মই যেন পুনৰ শৈশৱ ঘুৰাই পাইছো। ৰেডিঅ’য়ে আমাক সকলোধৰণৰ জ্ঞান দিব পাৰে। গতিকে সকলোৱে ৰেডিঅ’শুনা উচিত।তেওঁ আৰু কয় যে- বৰ্তমান সময়ত পৰিবেশ সুৰক্ষাই হৈছে পৃথিৱীৰ মূল ইচ্ছু হোৱা উচিত। সকলোৱেই পৰিবেশ সুৰক্ষাৰ হৈ কাম কৰিব লাগিব, তেতিয়াহে জীৱকুল বাচিব। অনুষ্ঠানৰ আঁতধৰি শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে কয় যে – মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ ৰেডিঅ’ বিতৰণ কাৰ্যসূচী গতিশীল সময়ৰ এক যোগাত্মক কাৰ্যসূচীলৈ গতি কৰিছে।
বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।