কামৰূপ মহানগৰ জিলাত আন্তঃ বিদ্যালয় কাবাডি প্ৰতিযোগিতা

অহা ২৪ জানুৱাৰীত দেশজুৰি পালন হবলগীয়া ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহিলা শিশু বিকাশ বিভাগে ৰূপায়ন কৰা সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখনি জিলা পৰ্য্যায়ৰ আন্তঃ বিদ্যালয় কাবাডি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলাখনৰ শিক্ষা বিভাগ তথা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগিতাত আয়োজিত উক্ত কাবাডি প্ৰতিযোগিতাত জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ১৪০গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।দলৰ মাজত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত বেতকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল জয়ী হয়।

Comments (0)
Add Comment