কামৰূপ মহানগৰ জিলাৰ উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ সভা সাংসদ, মন্ত্ৰী, বিধায়কৰ উপস্থিতত চৰকাৰী আঁচনিৰ পৰ্যালোচনা

আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা অভিভাৱক মন্ত্ৰী অতুল বৰা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া,জিলা পৰিষদৰ সভানেত্ৰী শিৰোমণি কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথি‌ সুচিয়াংগ, অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা তথা জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থকা এই সভাত জিলা গ্ৰাম্যোন্নয়ন প্ৰাধিকৰণৰ আৰু জিলা পৰিষদ, জনস্বাস্থ্য কাৰিকৰী, গুৱাহাটী পৌৰনিগম, শিক্ষা, কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, বিদ্যুৎ, লোকনিৰ্মাণ, আৰক্ষী আদি বিভাগসমূহৰ কাম-কাজৰ পৃথকে পৃথকে পৰ্যালোচনা কৰা হয়। চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰোতে জন প্ৰতিনিধিসকলক জড়িত ৰখা বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ সভাত সকলো বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। শ্যামলী চৌহদৰ সফল কাৰ্যকৰীকৰণৰ বাবে গুৱাহাটী পৌৰ নিগম, বন বিভাগৰ যৌথ সহযোগতৰ পদক্ষেপ লবলৈ সভাত সাংসদ কুইন ওজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথি সুচিয়াংগক নিৰ্দেশ দিয়ে।জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰা খোৱাপানী যোগানৰ আঁচনিসমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি জনসাধাৰণক পানী যোগানৰ বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ অভিভাৱক মন্ত্ৰী অতুল বৰাই সভাত সংশ্লিষ্ট বিষয়াসকলক কয়। তেনেদৰে ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, মধ্যাহ্ন ভোজন, আধাৰ কাৰ্ড প্ৰদান আদি বিভিন্ন বিষয়ত সভাত আলোকপাত কৰা হয়। শেহতীয়াকৈ ড্ৰাগছ ব্যৱসায়ৰ ওপৰত আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বিষয়ে সভাত অৱগত কৰি উপ আৰক্ষী আয়ুক্ত হৰেকৃষ্ণ নাথে লগতে কয় যে মহানগৰখনক অপৰাধমুক্ত কৰাৰ উদ্দেশ্যে আৰক্ষী প্ৰশাসনে তহল দিয়াৰ ব্যৱস্থা কঠোৰভাৱে বলৱৎ কৰিছে। যোৱা এক মাহৰ ভিতৰত হত্যাকাণ্ড, ডকাইতি কাণ্ডত জড়িত সকলোকে জালত পেলাবলৈ আৰক্ষী সক্ষম হৈছে বুলি তেওঁ লগতে কয়।

Comments (0)
Add Comment