কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ

সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত কামৰূপ মহানগৰ জিলাত নিয়োজিত মাইক্ৰ’ অৱজাৰভাৰসকলৰ আজি প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয় সভাকক্ষত আয়োজিত উক্ত কাৰ্যসূচীত সাধাৰণ পৰ্যবেক্ষকদ্বয় হিমশেখৰ গুপ্তা আৰু প্ৰদীপ কুমাৰ কৃষ্ণাৰাও ডাংগে, জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া স্বপ্নীল পালৰ উপস্থিতিত মাষ্টাৰ ট্ৰেইনাৰে মাইক্ৰ’ অৱজাৰভাৰসকলক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰে। নিৰ্বাচন প্ৰক্ৰিয়াৰ লগতে ভোটগ্ৰহণৰ সময়ছোৱাত মাইক্ৰ’ অৱজাৰভাৰসকলৰ কৰ্তব্য আৰু দায়িত্ব সমূহৰ বিষয়ে প্ৰশিক্ষণত বিশদভাৱে বুজাই দিয়ে মাষ্টাৰ ট্ৰেইনাৰগৰাকীয়ে। জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্তগৰাকীয়ে মুক্ত আৰু স্বচ্ছতাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত সকলোকে নিজৰ নিজৰ দায়িত্বসমূহ নিয়মানুবৰ্তিতা আৰু নিষ্ঠা সহকাৰে পালন কৰিবলৈ আহ্বান জনায়।
বি.এম

Comments (0)
Add Comment