আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।তিনিদিনীয়া সূচীৰে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীজন।আজি নিশা ১০.১০ বজাত গৃহমন্ত্ৰীৰ বিমান বৰঝাৰত অৱতৰণ কৰিব।
গৃহমন্ত্ৰীজনে আইন-শৃংখলাৰ পৰ্যালোচনাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।অমিত শ্বাহৰ আগমনৰ পূৰ্বে নিশাটোৰ ভিতৰতে গেৰুৱা হ’ল গুৱাহাটী।নানাৰঙী লাইটেৰে নিশাটোৰ ভিতৰতে উজলাই তোলা হ’ল গুৱাহাটী।
ইফালে অমিত শ্বাহৰ ভ্ৰমণক লৈ গুৱাহাটীত যাতায়াত ব্যৱস্থাৰ ব্যাপক সাল-সলনি কৰা হৈছে।ইতিমধ্যে জাৰি কৰা হৈছে পথ নিৰ্দেশনা। সেই অনুসৰি ৯, ১০ মে’ত গুৱাহাটীৰ যাতায়াত ব্যৱস্থাৰ সাল-সলনি কৰা হৈছে।৯, ১০ মে’ত বাণিজ্যিক বাহনৰ বাবে চলাচল বন্ধ থাকিব।২৭, ১৭নং ঘাইপথ ৯ মে’ত ৪ বজাৰ পৰা নিশা ৯ বজালৈকে চলাচল বন্ধ।১০ মে’ত পূৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ চলাচল বন্ধ।৯, ১০ মে’ত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই নির্দেশনা জাৰি কৰা হৈছে।
কালি মে’ত গুৱাহাটীৰ কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ। DG ৰোড, AT ৰোড, MG ৰোডত বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।
KLB ৰোড, তাইবুল্লাহ ৰোড, GNB ৰোড, বি বৰুৱা ৰোডতো নিষেধাজ্ঞা। ৯ মে’ত GS ৰোডতো পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈ নিষেধাজ্ঞা।১০ মে’ত পুৱা ৮ বজাৰ পৰা ২ বজালৈ বাণিজ্যিক বাহনৰ চলাচল বন্ধ।বি বৰুৱা ৰোড, BK কাকতি ৰোড, GNB ৰোডত বাণিজ্যিক বাহনৰ চলাচল বন্ধ।GS ৰোড আৰু পাঞ্জাবাৰী ৰোডত বাণিজ্যিক বাহনৰ চলাচল ১০ মে’ত বন্ধ থাকিব।