কাৰ্বি জনগোষ্ঠীৰ অন্যতম জাতীয় অনুষ্ঠান কাৰবি লাম্বেত আমেহৰ ৩০ সংখ্যক অধিবেশন উপলক্ষে কালি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকাম’কামৰ ডংকচাৰপ’ত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজস্ব ভাষা সংস্কৃতি কোনোকালে পৰিহাৰ নকৰি নিৰৱছিন্নভাৱে ইয়াৰ চৰ্চা অব্যাহত ৰাখি বিশ্ব মানচিত্ৰত আগুৱাই যাবলৈ কাৰ্বি জনগোষ্ঠীৰ প্ৰতি আহ্বান জনায়।কাৰ্বি ভাষা সাহিত্য বিকাশৰ দিশত কাৰবি লাম্বেত আমেইয়ে বাটকটীয়া ভূমিকা গ্ৰহণ কৰি যাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।লগতে কয় যে সুপ্ৰাচীন প্ৰজ্ঞা আৰু বৰ্ণাঢ্য লোক সংস্কৃতিৰে সমৃদ্ধ কাৰ্বি সকল অসমৰ বাৰেৰহণিয়া কৃষ্টি সংস্কৃতি আৰু ভাষা সাহিত্য অমূল্য ৰত্ন।লোক সংস্কৃতিৰ চৰ্চাৰ চহকী পৰম্পৰাৰ অধিকাৰী কাৰ্বি জনগোষ্ঠীয়ে বৃহত্তম অসমীয়া জাতিৰ অগ্রগ্ৰামী যাত্ৰাক নতুন গতি দিছে।এই চহকী জনগোষ্ঠীটোৰ ভাষা আৰু সাহিত্যই অসমীয়া জাতিক সমৃদ্ধ কৰিছে।কাৰ্বি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ বিকাশৰ বাবে চৰকাৰ বদ্ধপৰিকৰ ।
ড° শৰ্মাই কয় যে কাৰ্বি জনগোষ্ঠীৰ চিন্তা চেতনাক গভীৰভাৱে প্ৰভাৱিত কৰি অহা জাতীয় অনুষ্ঠান হৈছে কাৰবি লাম্বেত আমেই।বিগত দশক সমূহত কাৰ্বি জনগোষ্ঠীক অধিক গতিশীল আৰু প্ৰাণৱন্ত কৰাত কাৰবি লাম্বেত আমেই’য়ে এক সাগৰ দৃশ্য ভূমিকা গ্ৰহণ কৰি আহিছে।এই চহকী জনগোষ্ঠীৰ ভাষা আৰু সংস্কৃতিৰ সুপৰিকল্পিত বিকাশ আৰু শ্ৰীবৃদ্ধিত বিগত পাঁচ দশকৰো অধিক অহোপুৰুষাৰ্থ কৰি অহা কাৰবি লাম্বেত আমেইয়ে কাৰ্বি ভাষা আৰু সাহিত্যক স্বকীয় ৰূপত উজলি উঠাৰ বাবে এখন উপযুক্ত মঞ্চ তৈয়াৰ কৰিবলৈ সক্ষম হোৱা বাবে মুখ্যমন্ত্ৰীয়ে এই জাতীয় অনুষ্ঠানটোৰ শলাগ লয়।মাতৃভাষা প্ৰতি থকা অম্লান প্ৰেমেই স্ব গৰিমাৰে মহিমামণ্ডিত হৈ বিশ্ব মানচিত্ৰত এটা জাতিক সগৌৰৱে জীয়াই থাকিবলৈ সাহস আৰু প্ৰেৰণা দিয়ে ।এই কথা উল্লেখ কৰি কয় যে মাতৃভাষা শ্ৰীবৃদ্ধি বাবে যিকোনো জাতি বা জনগোষ্ঠীৰ ভিতৰচ’ৰাত চিন্তন আৰু মন্থনৰ নিতান্তই প্ৰয়োজন।কেৱল গাইগুটীয়া প্ৰচেষ্টাৰে কোনো জাতিৰ ভাষা সাহিত্য বিকাশ সম্ভৱ কৰি তুলিব নোৱাৰি।ইয়াৰ বাবে প্ৰয়োজন সুপৰিকল্পনা আৰু সংঘবদ্ধ প্ৰয়াস।কাৰবি লাম্বেত আমেই গঠনৰ অন্তৰালতো এনে এক চিন্তন আৰু মন্থনে ক্ৰিয়া কৰিছিল বুলি মন্তব্য কৰি কয় যে কাৰ্বি ভাষা সাহিত্য বিকাশৰ বাবে নিজস্ব কৰণীয় খিনি উপলব্ধি কৰি প্ৰতিষ্ঠাপক সকলে এই উমৈহতীয়া মঞ্চ গঠন কৰিছিল আৰু এই মঞ্চৰ জৰিয়তে কাৰ্বি লেখক লেখিকা সকলক বিভিন্ন বিষয়ত সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভণি পৰা উৎসাহ যোগাই আহিছে।কাৰ্বি ভাষা সাহিত্য উন্নতি সাধনত অগ্ৰণী ভূমিকা লোৱা সাহিত্যিক বংলং তেৰাঙ ,কেহাই বে, লংকাম টেৰণে,ৰংবং তেৰাং,ছামছিং হাঞ্চে,বিদৰ ছিং ক্ৰ,ধনেশ্বৰ ইংতি আদি অৱদান কথা উল্লেখ কৰি কয় যে এই পুৰোধা সাহিত্যিক সকলৰ অনুপ্ৰেৰণাৰে আগুৱাই আজি বহু নবীন কাৰ্বি লেখক লেখিকাই সাহিত্য ক্ষেত্ৰখনত সুপ্ৰতিষ্ঠা লাভ কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কাৰ্বি লেখক লেখিকাৰ সৃষ্টিশীল অৱদানে অসমীয়া সাহিত্যৰ ভঁৰাল অতিশয় চহকী কৰি তুলিছে।নিজৰ জনগোষ্ঠীটোৰ আশা আকাংক্ষা আৰু লক্ষ্য উদ্দেশ্য ক্ষতি নোহোৱাকৈ বৌদ্ধিক উৎকৰ্ষৰ জড়িয়তে সমন্বয়মুখী তথা সম্প্ৰীতিৰ বোধৰ এক চানেকিও তেওঁলোকে ইয়াৰ জৰিয়তে দাঙি ধৰিছে।অসমীয়া ভাষাত জনগোষ্ঠীটোৰ মানুহ খিনিৰ সংস্কৃতিৰ তথা ভিন্ন ধ্যান ধাৰণা প্ৰকাশ কৰি সংস্কৃতিৰ আদান প্ৰদানৰ নতুন বাট প্ৰশস্ত কৰিছে।কাৰ্বি ভাষা সাহিত্যিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা স্বাৰ্থত জ্ঞানৰ আলোকেৰে নিজৰ মানুহ খিনি মনাকাশ জীপাল কৰি তুলিবলৈ জনগোষ্ঠীটোৰ সাহিত্য ক্ষেত্ৰৰ মুখ্য অনুষ্ঠান হিচাপে কাৰবি লাম্বেত আমেইকে নেতৃত্ব লৈ আগুৱাই আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।তেওঁ কয় যে নিজৰ ভাষা সাহিত্য উপৰিও অসমীয়া ভাষা সাহিত্য আৰু অন্যান্য সমৃদ্ধিশালী পৰ্যায়ৰ ভাষা সাহিত্য চৰ্চাৰ পৰিবেশ গঢ়ি তোলাত কাৰবি লাম্বেত আমেই আত্মনিয়োগ কৰিব লাগিব।কাৰ্বি ভাষা সাহিত্য উন্নয়ন তথা বিকাশৰ বাবে অসম চৰকাৰ তৰফৰ পৰা সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।