কাৰ্তিক কলিতাক ঢকুৱাখনাৰ মহকুমাধিপতি নিযুক্ত

ৰাজ্য চৰকাৰে  ঢকুৱাখনা মহকুমাৰ নতুন মহকুমাধিপতি হিচাবপে নিযুক্তি দিছে অসম অসামৰিক সেৱাৰ বিষয়া কাৰ্তিক কলিতাক। ৰাজ্য চৰকাৰৰ এ এ এ,৬/২০২২/৪০-এ এছ নম্বৰৰ এক নিৰ্দেশনা যোগে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত প্ৰশাসনিক বিষয়া কলিতাক লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে বদলি কৰি ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰূপে নিযুক্তি দিছে। পূৰ্বে ঢকুৱাখনা মহকুমা প্ৰশাসনত  সহকাৰী আয়ুক্ত আৰু নিৰ্বাচনী বিষয়া হিচাবে দক্ষ প্ৰশাসনিক সেৱা আগবঢ়াই যোৱা কলিতাক মহকুমাধিপতি পদত নিযুক্তি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে মহকুমাটোৰ নাগৰিকে। পূৰ্বৰ পক্ষপাতী প্ৰশাসনিক সেৱাৰ মলিনতা আঁতৰাই নৱনিযুক্ত মহকুমাধিপতি কলিতাই মহকুমাটোক নতুন গতিশীলতা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি মহকুমাবাসীয়ে আশা প্ৰকাশ কৰিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment